দুৰ্ঘটনাত অচিনাক্ত লোক নিহত

0 21

শতাব্দ’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৪ ডিচেম্বৰ: তেজপুৰত যোৱা নিশা এজন অচিনাক্ত লোকক দ্ৰুতবেগী বাহনে খুন্দিয়াই থৈ যোৱা অৱস্হাত উদ্ধাৰ কৰা হয় যদিও লোকজনৰ মৃত্যু ঘটে৷ উল্লেখযোগ্য যে তেজপুৰৰ পতিয়া চুবুৰি অঞ্চলত ১৫নম্বৰ ৰাষ্ট্ৰীয় পথত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়৷ গভীৰ নিশা পঞ্চাশোৰ্ধৰ লোকজনক কোনো বাহনে খুন্দিয়াই পথৰ দাঁতিত পেলাই থৈ যোৱাৰ পাছত আৰক্ষীয়ে পৰৱৰ্তী সময়ত লোকজনক উদ্ধাৰ কৰি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় ভৰ্তি কৰায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বৰ্তমান মৃতদেহটো তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে আৰু আৰক্ষীয়ে লোকজনৰ পৰিচয় উদঘাটনৰ চেষ্টা অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.