দেশদ্রোহিতা আইন পুনর্বিবেচনাৰ সিদ্ধান্ত কেন্দ্রৰ

স্বাধীনতাৰ ৭৫তম বর্ষত মোদীৰ স্বপ্ন পূৰণৰ লক্ষ্য !

0 17

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ মে’ : কিছুদিনৰ ব্যৱধানত ১৮০ ডিগ্রীলৈ ঘূৰিছে কেন্দ্রীয় চৰকাৰ। বিগত সপ্তাহত ছুপ্রিম ক’র্টত কেন্দ্রই জনাইছিল যে, নতুনকৈ ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰাৰ পুনর্বিবেচনাৰ প্রয়োজন নাই। কিন্তু ৯ মে’ সোমবাৰে শীর্ষ আদালতত নৰেন্দ্র মোদী চৰকাৰে জনালে— স্বাধীনতাৰ ৭৫ তম বর্ষত দেশদ্রোহিতাৰ আইন পুনর্বিবেচনাৰ সিদ্ধান্ত লোৱা হৈছে। ছুপ্রিম ক’র্টত শপতনামা পেচ কৰি কেন্দ্রই দাবী কৰিছে যে, স্বাধীনতাৰ ৭৫তম বর্ষত ঔপনিবেশিক বোজা ওফৰাই পেলোৱাৰ যি লক্ষ্য লৈছে প্রধানমন্ত্রীয়ে, তাৰ লগত সামঞ্জস্য ৰাখিয়েই ব্রিটিছ আমোলৰ বিভিন্ন আইন পুনর্বিবেচনা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। দেশদ্রোহিতা আইনক লৈ যিদৰে বিভিন্ন মতামত প্রদান কৰা হৈছে, সেই বিষয়ে ভালকৈ অৱগত কেন্দ্রীয় চৰকাৰ। নাগৰিকসকলৰ স্বাধীনতা আৰু মানৱাধিকাৰ সংক্রান্তত যি উদ্বেগ প্রকাশ কৰা হৈছে, সেয়াও বিবেচনা কৰা হৈছে। সেই পৰিস্থিতিত দেশৰ অখণ্ডতা আৰু সার্বভৌমত্ব বজাই ৰাখি ‘উপযুক্ত ফোৰামৰ’ সমুখত ভাৰতীয় দণ্ডবিধিৰ ১২৪এ ধাৰা পুনর্বিবেচনা কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রই।

মন্তব্য দিয়ক

Your email address will not be published.