শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৩ মে’ : দেশৰ গ্ৰামাঞ্চলত ঘৰে ঘৰে ডিজিটেল বিত্তীয় তথা বেংকিং সেৱাসমূহ প্ৰদান কৰি দেশৰ ভিতৰতে শীৰ্ষৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে শোণিতপুৰৰ বিহগুৰি উন্নয়ন খণ্ডৰ অধীনত বৰগাঁৱৰ ধনেশ্বৰী বড়ো৷ ৰাজ্যখনৰ আন দুগৰাকী পৰিশ্ৰমী মহিলায়ো তালিকাৰ শীৰ্ষৰ পাঁচগৰাকীৰ ভিতৰত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে৷ উল্লেখযোগ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ভাৰত অভিযানৰ অংশ ৰূপে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা পৰিযোজনাৰ দ্বাৰা পৰিচালিত ডিজিপে সখী যোজনাৰ অধীনত আগবঢ়োৱা সেৱাৰ অংশ হিচাপে ২০২২ ৰ আগষ্টৰ পৰা বিহগুৰি উন্নয়নখণ্ডৰ অধীনত আত্মসহায়ক গোট গঠন কৰি বিত্তীয় অনুদান লাভ কৰিছিল ধনেশ্বৰী বড়োৱে৷ নিজ ঘৰতে তেওঁ পুৱাৰ পৰা এই ডিজিটেল বিত্তীয় লেন দেনৰে যোৱা ন মাহত সৰ্বাধিক স্তৰ লাভ কৰিবলৈ সক্ষম হৈছে। গাঁৱৰ লগতে বিভিন্ন স্তৰৰ লোকক তেওঁ এই ডিজিটেল বিত্তীয় সেৱা আগবঢ়াই আহিছে। তেজপুৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ এক ভিতৰুৱা গাৱঁত আত্মসহায়ক গোটৰ জৰিয়তে বেংকৰ পৰা অনুদান লাভ কৰি পৰৱৰ্তী সময়ত সেই ধনৰে অধিক উপাৰ্জন লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে,দেশৰ শীৰ্ষ পাঁচগৰাকী ডিজিপে সখীৰ ভিতৰত শোণিতপুৰৰ ধনেশ্বৰী বড়োৱে দ্বিতীয় স্থান,দক্ষিণ শালমৰাৰ মানকাচৰৰ নুৰজাহান আখতাৰ বানুৱে তৃতীয় স্থান আৰু কাছাৰৰ ৰঞ্জিতা শৰ্মাই চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷