দেশৰ ২১ খণ্ডত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান আৰু উৎপাদনৰ অনুমতি প্ৰদান

0 51
শতাব্দ বিশেষ প্ৰতিনিধি, ৭ মে’: কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনস্থ ডাইৰেক্টৰেট জেনেৰেল অৱ হাইড্ৰ’কাৰ্বনে কালি Open Acreage Licensing Policy IV ৰ নিলামৰ ফলাফল ঘোষণা কৰিছে। এই অনুসৰি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তেল আৰু প্ৰাকৃতিক গেছ নিগম আৰু অইল ইণ্ডিয়া লিমিটেডে ক্ৰমে ১৮ টা আৰু ২ টা, ব্যক্তিগত খণ্ডৰ ছান পেট্ৰ’কেমিকেলছে এটা ব্লকত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান আৰু উৎপাদনৰ বাবে অনুমতি লাভ কৰিছে। দেশখনৰ মুঠ ৯ খন ৰাজ্যৰ ১১ টা গেদীয় অৱবাহিকাৰ ৩৫,৩৪৬ বৰ্গ কিলোমিটাৰ জোৰা অঞ্চলৰ ২১টা খণ্ডৰ বাবে ষষ্ঠ সংস্কৰণৰ এই নিলাম ২০২১ চনৰ অক্টোবৰত অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে, ইয়াৰে ১৫ টা খণ্ড স্থলভাগত, ৪ টা কম গভীৰতাৰ জলভাগত আৰু ২ টা অতি গভীৰ জলভাগত অৱস্থিত। চৰকাৰে এই ষষ্ঠ পৰ্যায়ৰ নিলামৰ পৰা ৩০০ ৰ পৰা ৪০০ নিযুত ডলাৰ বিনিয়োগৰ আশা কৰিছে।
প্ৰয়োজনীয় খাৰুৱা তেলৰ ৮৫ শতাংশ  আৰু ইয়াৰ আমদানিত প্ৰতি বছৰেই প্ৰায় ১১৯ বিলিয়ন ডলাৰ ব্যয় কৰা ভাৰতবৰ্ষই শক্তি নিৰাপত্তা নিশ্চিত কৰিবৰ বাবেই ২০১৬ চনৰ পৰা হাইড্ৰ’কাৰ্বনৰ অন্বেষণ আৰু উৎপাদনৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যোগদানেৰে এই নিলাম ব্যৱস্থাৰ প্ৰৱৰ্ত্তন কৰিছে। ইতিপূৰ্বে অনুষ্ঠিত হৈ যোৱা এনে পাঁচটা নিলামত  ১০৫ টা খণ্ডৰ ভিতৰত বেদান্ত লিমিটেডে ৫১ টা, অইল ইণ্ডিয়াই ২৫ টা, অ’এন জি চি এলে ২৪ টা আৰু অন্যান্যই ৫ টাত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ অনুমতি লাভ কৰিছিল। এই পাঁচটা পৰ্যায়ৰ নিলামত ১৭ টা গেদীয় অৱবাহিকাৰ মুঠ কালি আছিল ১৫৬,৫৮০ বৰ্গ কিলোমিটাৰ। কেৱল অন্বেষণ কাৰ্যৰ বাবেই বিনিয়োগ হৈছিল ২,৩৭৮ বিলিয়ন ডলাৰ।
মন্তব্য দিয়ক

Your email address will not be published.