দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দৃষ্টান্তমূলক পদক্ষেপ

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ ধনেৰে নিৰ্মিত "এলুমনাই গেলাৰী "

0 16

শতাব্দ ষ্টাফৰিপ’টাৰ, তেজপুৰ, ২৮ ছেপ্টেম্বৰ : নিজৰ শিক্ষানুষ্ঠানখনৰ প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰি দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে মহাবিদ্যালয়খনৰ এলুমনাই সন্হাৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা “এলুমনাই গেলাৰী” অৰ্থাৎ শ্ৰেণী কোঠা অহা ৩০ ছেপ্তেম্বৰত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি মহাবিদ্যালয় কৰ্তৃপক্ষক অৰ্পণ কৰিব। উল্লেখ্য যে প্ৰাক্তন দৰঙিয়ানসকলৰ ধনেৰে অত্যাধুনিক ভাৱে স্মাৰ্ট ক্লাছৰ সুবিধাযুক্ত কৰি নিৰ্মাণ কৰা এই “এলুমনাই গেলাৰী শ্ৰেণী কোঠা”টি উক্ত দিনা পুৱা ১০ – ৩০ বজাত মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটে বন্তি প্ৰজ্বলন কৰাৰ পিছত পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্বোধন কৰাৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষক অৰ্পণ কৰিব। উক্ত দিনা এই বিশেষ ক্ষণৰ সাক্ষী হ’বৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্হাৰ সকলো দাতা সদস্য, আজীৱন সদস্য, কাৰ্যনিৰ্বাহক সদস্য আৰু সাধাৰণ সদস্যৰ লগতে দৰঙিয়ান সকলৰ প্ৰতি এক বিবৃতিৰ জৰিয়তে আহ্বান জনাইছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্হাৰ সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকা আৰু যুটীয়া সম্পাদক পংকজ বৰুৱা, পৰমা কাকতিয়ে।

মন্তব্য দিয়ক

Your email address will not be published.