শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৮ জুলাই : ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি বিশেষভাৱে অভিনন্দন জনোৱা হয় ৷ ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুপৰীয়া ১১ বজাৰ পৰা অনুষ্ঠিত উক্ত সভাখন সঞ্চালনা কৰে ধেমাজি সদৰ আঞ্চলিকৰ উপদেষ্টা কৰুণজ্যোতি চেতিয়াই ৷ ধেমাজি বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক বৰগোহাঁয়ে উদ্বোধন কৰা অনুষ্ঠানত ছাত্ৰীৰ এটা দলে সমবেত সংগীতৰে উপস্থিত ৰাইজক আপ্লুত কৰে ৷ অনুষ্ঠানত জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছামূলক বক্তব্যৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক শৰ্মাই আদৰণি ভাষণ আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক অনাগত শৈক্ষিক ক্ষেত্ৰখনত সুখ্যাতিৰে আগবাঢ়ি যাবলৈ আহ্বান জনায় ৷ ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিল্টন বৰগোহাঁয়ে আঁত ধৰা অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত দত্তই আছুৰ দৃষ্টিভংগী ব্যাখ্যা কৰি বৰ্তমানৰ প্ৰেক্ষাপটত ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয়খিনি নিষ্ঠাসহকাৰে আগবঢ়াই নিবলৈ আহ্বান জনোৱাৰ লগতে আছুৱে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কৰি অহা কামৰ কথাও উল্লেখ কৰে ৷ অনুষ্ঠানত জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকা, ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক নেওগ, ধেমাজি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক উপেন কোচে নতুন শিক্ষনীতিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজকে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত আছুৰ তথ্য সম্পাদক মণ্টুৰাজ বৰুৱা, কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈ, ৰবি কছাৰী, আছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, ধেমাজি জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক জীৱন কোঁৱৰ আৰু ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, অসম উন্নতি সভাৰ ধেমাজি জিলা সমিতিৰ সম্পাদক শিবু গগৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সাধাৰণ সম্পাদক মৃণ্ময় বৰাই অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংশ্যনসহ উচ্চতৰ মাধ্যমিকৰ ষ্টাৰ নম্বৰপ্ৰাপ্ত সৰ্বমুঠ ১৪৯ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজহুৱাভাৱে অভিনন্দন জ্ঞাপন কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷ উক্ত অনুষ্ঠানতে বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰধান সকলকো সম্বৰ্ধনা জনায় ৷