ধেমাজিৰ তিৱা কৃষ্টি ভৱনক নিশাটোতে পুথিভঁৰালৰ ৰূপ দিলে অজ্ঞাত লোকে

0 162

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২০ মে’ : অসমৰ অন্যতম জনগোষ্ঠীয় ভূমিপুত্ৰ তিৱাসকলৰ নামত থকা “ধেমাজি তিৱা কৃষ্টি ভৱন”ত কোনো দুষ্কৃতিকাৰীয়ে ৰাতি আন্ধাৰৰ সুযোগ লৈ “নলনিপাম পুথিভঁৰাল” বুলি লিখি অবৈধ দখল কৰিবলৈ চেষ্টা চলোৱা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে ধেমাজি নগৰৰ নলনিপামত ১৯৮৬ চনতে “তিৱা কৃষ্টি ভৱন” স্থাপন কৰি বিভিন্ন সভা-সমিতি তথা অনুষ্ঠান অনুষ্ঠিত কৰি অহাতো সৰ্বজনবিদিত । কিন্তু যোৱাৰাতি কোনো দুষ্কৃতিকাৰীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে উক্ত ভৱনটোৰ পকী বেৰত “নলনিপাম পুথিভঁৰাল” বুলি লিখি থৈ যায় । এই ঘটনাই ধেমাজিত তিৱা জাতিটোৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু তিৱা জাতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে বুলি শংকা প্ৰকাশ কৰিছে । উক্ত দুষ্কাৰ্যত জড়িতসকলক তিৱা কৃষ্টি ভৱন পৰিচালনা সমিতিৰ লগতে জিলাখনত বসবাস কৰা তিৱা লোক তথা সংগঠন আৰু সচেতন সমাজে চোকা ভাষাৰে সমালোচনা কৰিছে । আনহাতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লগত সমিলমিলেৰে বসবাস কৰি অহা তিৱা লোকসকলৰ মাজত বিভেদ সৃষ্টি কৰিব বিচৰা কাৰ্যৰ পৰা দূৰৈত থাকিবলৈ সকীয়াই দিছে ।

মন্তব্য দিয়ক

Your email address will not be published.