ধেমাজিৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ড কোনে কৰিছিল

সকলো অভিযুক্তকে দোষমুক্ত ঘোষণা : নিহতৰ আত্মীয়ৰ বুকুত খং-ক্ষোভৰ অগনি

0 122
  • চূড়ান্ত শুনানীৰ সম্পূৰ্ণ এমাহৰ পাছত ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান
  • ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে পূৰ্বে মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল ৷

শতাব্দ প্ৰতিনিধি, ধেমাজি, ২৪ জুলাই : কুৰি বছৰীয়া এক আইনী প্ৰক্ৰিয়াই আকৌ জোকাৰি গ’ল সমগ্ৰ অসম ৷ সমগ্ৰ দেশ কঁপোৱা ২০০৪ চনৰ ১৫ আগষ্টৰ সৰ্বনিন্দিত-ঘৃণনীয় বোমা বিস্ফোৰণ কাণ্ডৰ চুড়ান্ত ৰায়দান ২০১৯ চনতে শেষ হ’ল বুলি ভাবিছিল বহুতে ৷

নিহত সকল

কিন্তু নহয়, ভাৰতীয় ন্যায় ব্যৱস্থাত থকা সুবিধাৰ বাবেই নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সেই বোমা বিস্ফোৰণ কাণ্ডৰ অভিযুক্তৰ আত্মীয় ৷ আৰু আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে চুড়ান্ত ৰায় প্ৰদান কৰি দোষমুক্ত ঘোষণা কৰিলে ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰা সেই অভিযুক্তসকলক ৷ দেশৰ ইতিহাসত নোহোৱা-নোপোজা ঘটনা ঘটাই দহটি শিশু আৰু তিনিগৰাকী মহিলাসহ তেৰ নিৰীহৰ প্ৰাণ কাঢ়ি নিয়া সেই মচিব নোৱৰা অভাৱনীয় ঘটনাৰ ৰায়দান প্ৰক্ৰিয়া ১৫ বছৰৰ পাছত সম্পন্ন হয় যদিও সেই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অভিযুক্তৰ আত্মীয় ৷ গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে আজি উক্ত ঘৃণনীয় বোমা-বিস্ফোৰণ কাণ্ডৰ লগত তথা অভিযুক্ত কেউজনকে দোষমুক্ত ঘোষণা কৰে ৷ ইয়াৰ লগে লগে সেই ক’লা অধ্যায়ৰ আইনী প্ৰক্ৰিয়া প্ৰায় শেষ হোৱা বুলিব পাৰি ৷ উল্লেখ্য যে নিষিদ্ধঘোষিত সংগঠন আলফাৰ সহযোগত নিৰ্মম আৰু ভয়ংকৰ বোমা বিস্ফোৰণ কাণ্ড সংঘটিত কৰা ১৪ অভিযুক্তৰ সাতজনক দোষমুক্ত ঘোষণা কৰাৰ বিপৰীতে এজন পলাতক, ৪জনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত আৰু দুজনক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে ৷ সেইসকলৰ ভিতৰত মুহি সন্দিকৈ, যতীন দুৱৰী, লীলা গগৈ আৰু দীপাঞ্জলী গোহাঁইক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ বিপৰীতে হেমেন গগৈ আৰু প্ৰশান্ত ভূঞাক চাৰিবছৰৰ বাবে সশ্ৰম কাৰাদণ্ড বিহিছিল ৷ এক দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত ২০১৯ চনত ধেমাজি জিলা সত্ৰ ও ন্যায়াধীশৰ আদালতে প্ৰদান কৰা ৰায়দানত অসন্তুষ্ট হৈ অভিযুক্তৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ যোৱা ২৪ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰীয়া পক্ষৰ শুনানী সম্পন্ন হৈছিল যদিও ৰায়দান স্থগিত আছিল ৷ কিন্তু সম্পূৰ্ণ এমাহৰ মূৰত আজি সেই শুনানীৰ আজি চুড়ান্ত ৰায়দান কৰি অভিযুক্তসকলক দোষমুক্ত ঘোষণা কৰে ৷ উল্লেখ যে ২০০৪ চনৰ ১৫ আগষ্টত স্বাধীনতা দিবসৰ পতাকা উত্তোলনৰ পূৰ্বে সংঘটিত বোমা বিস্ফোৰণত ১০ টি ফুলকুমলীয়া শিশু ক্ৰমে সিদ্ধাৰ্থ টাইদ, প্ৰদীপ্ত গগৈ, মনজিত গগৈ, গিৰিণ শইকীয়া, বিজিত সোনোৱাল, অৰুণা শইকীয়া, ৰূপা শইকীয়া, দীনেশ পাদুন, মানসী বৰগোহাঁই আৰু যুগান্ত পাদুন ৷ একেদৰে তিনিগৰাকী নিহত মহিলা ক্ৰমে নমিতা গগৈ, ধনদা গগৈ ( দেউৰী ) আৰু চিত্ৰাৱতী দলে ৷ লক্ষণীয় বিষয় যে ধেমাজি জিলা সত্ৰ ও ন্যায়াধীশৰ আদালতৰ ৰায়ত সন্তোষ্টি প্ৰকাশ কৰা বোমা বিস্ফোৰণত নিহতৰ পৰিয়াল বৰ্গ তথা আত্মীয়ই আজি উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ত অসন্তুষ্ট হৈছে ৷ এইক্ষেত্ৰত দায়িত্বপ্ৰাপ্ত আৰক্ষী বিষয়াই ন্যায়ালয়ত পতিয়নযোগ্য তথ্যপাতি যোগান ধৰিব নোৱাৰিলে বুলিয়েই ক্ষোভ আৰু হতাশাত ভাগি পৰিছে ৷ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতে খঙে – ক্ষোভে মিয়ম্ৰাণ হৈ ধেমাজি বোমা বিস্ফোৰণ কি হোৱাই নাছিল নেকি বুলি প্ৰশ্ন কৰে নিহতৰ আত্মীয়ই ৷ আনহাতে পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰে তিলমানো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি নিহতৰ পৰিয়ালবৰ্গই ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ কৰি এয়া এক ৰাজনৈতিক চক্ৰান্ত বুলি অভিহিত কৰিছে নিহতৰ আত্মীয়ই ৷ আনহাতে ২০০৪ চনৰ বোমা বিস্ফোৰণত গুৰুতৰভাৱে আহত ৰীমা পাংগিঙে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছত হতাশ হৈ ধেমাজিৰ সেই প্ৰাণঘাটী বোমা বিস্ফোৰণ প্ৰকৃততে কোনে কৰিছিল তাৰ উত্তৰ দিবলৈ চৰকাৰক আহ্বান জনায় ৷ সামাজিক মাধ্যমত ইতিমধ্যে বিভিন্নজনে বিভিন্ন ধৰণে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সেইদিনা দেৱালীৰ ব’মহে ফুটিছিল নেকি বুলি বিদ্ৰুপ কৰিছে ৷ ২০০৪ চনৰ ১৫ আগষ্ট (স্বাধীনতা দিৱস)ত ধেমাজিৰ মহাবিদ্যালয়ৰ পেৰেডস্থলীত ভয়ংকৰ বোমা বিষ্ফোৰণৰে নিৰীহ লোকৰ তেজৰ ফাকু খেলা সেই ক’লা অধ্যায়ৰ আইনী প্ৰক্ৰিয়া প্ৰায় সমাপ্তি ঘটিছে যদিও প্ৰতিজন অসমীয়াৰ বুকুত আৰু অসমৰ ইতিহাসত থাকি যাব সেই অবৰ্ণনীয় কাহিনীৰ স্মৃতি ৷

মন্তব্য দিয়ক

Your email address will not be published.