শতাব্দ ধেমাজি প্ৰতিনিধি, ২১ আগষ্ট : ৰাজ্য কঁপাই যোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চুড়ান্ত ৰায় আজি আদালতে ঘোষণা কৰে। আজি বিয়লি ২:২০ বজাত ঘোষণা কৰে এক ঐতিহাসিক ৰায় ৷ ধেমাজি জিলা সত্ৰ ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত হত্যাকাৰী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ড (ফাঁচী)ৰে দণ্ডিত কৰে৷ উল্লেখ্য যে ২০২১ চনৰ ২১ আগষ্টত ধেমাজি নগৰৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা এক নৃশংস হত্যাকাণ্ড ৷ সেই নৃশংস হত্যাকাণ্ডত অতি কৰুণভাৱে মৃত্যু হৈছিল মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ নন্দিতা শইকীয়া নামৰ এগৰাকী মেধাৱী ছাত্ৰী ৷ অসমবাসীৰ মন-মগজু জোকাৰি যোৱা সেই হত্যাকাণ্ডৰ চাৰি বছৰৰ মূৰত কালি অৰ্থাৎ ২০ আগষ্টত ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰে যদিও মহামান্য আদালতে আজিহে সেই অক্ষমণীয় দোষৰ ৰায় প্ৰদান কৰে ৷
কিয়নো ২০২১ চনৰ ২১ আগষ্টৰ বিয়লি প্ৰায় দুই/আঢ়ৈ বজাৰ ভিতৰতে উক্ত অমানৱীয় ঘটনা সংঘটিত কৰিছিল মৰিধল মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই ৷ লক্ষণীয়ভাৱে চাৰি বছৰ ধৰি কৰা দীঘলীয়া আইনী যুঁজৰ অন্তত কালি বুধবাৰে ৰিণ্টু শৰ্মাক আদালতে দোষী সাব্যস্ত কৰাৰ পাছতে ধেমাজি-ঢকুৱাখনাৰ লগতে অসমৰ ৰাইজে আজিৰ চুড়ান্ত ৰায়ৰ বাবে উদগ্ৰীৱ হৈ আছিল ৷ ছ’চিয়েল মেডিয়াতো ফাঁচী অথবা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিবলৈ অজস্ৰজনে দাবী উত্থাপন কৰিছিল ৷ ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ আজিৰ এই ঐতিহাসিক ৰায় প্ৰদানে নন্দিতা শইকীয়াৰ পৰিয়াল তথা আত্মীয়-স্বজনৰ লগতে হৃদয়বান সকলো লোকেই একপ্ৰকাৰ সন্তুষ্ট হৈছে বুলিব পাৰি ৷
এই মৰ্মান্তিক ঘটনাৰ সবিশেষ জানিবলৈ হ‘লে আমি উভতি যাব লাগিব চাৰি বছৰ আগলৈ ৷ ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষত অধ্যয়ন কৰিছিল ঢকুৱাখনাৰ নৱ-কাঠৰবাৰী গাঁৱৰ বাসিন্দা নবীন শইকীয়া আৰু জোনালী শইকীয়াৰ জীয়াৰী নন্দিতা শইকীয়াই ৷ ২০২১ বৰ্ষৰ ২১ আগষ্টত মৰিঢল মহাবিদ্যালয়ৰ পৰা সহপাঠীৰ সৈতে ঘৰলৈ ঘূৰি অহা অৱস্থাত ৰিণ্টু শৰ্মা নামৰ সেই পাষণ্ডটোৱে ধেমাজি নগৰৰ মাজমজিয়াত দিন দুপৰতে এখন চোকা দাৰে পৰিকল্পিতভাৱে আক্ৰমণ কৰিছিল নন্দিতা শইকীয়াৰ লগতে কাস্মিনা দত্ত আৰু তেওঁৰ পিতৃ দেৱ দত্তক ৷ ৰিণ্টুৰ চোকা দাৰ উপৰ্যুপৰি আক্ৰমণত নন্দিতাৰ অৱস্থা সংকটজনক হৈ পৰাত ধেমাজিত প্ৰাথমিক চিকিৎসা কৰি পৰবৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্চিং হোমত ভৰ্তি কৰিছিল৷ ঘটনাৰ চাৰিদিন পাছত অৰ্থাৎ ২৫ আগষ্টত সকলোকে কন্দুৱাই চিৰবিদায় মাগিছিল নন্দিতাই ৷ ধেমাজি সদৰ আৰক্ষী থানাত ৩৪২/৩২৪/৩০৭/৩০২ (আই পি চি ) ধাৰাত পঞ্জীভূত গোচৰৰ “চার্জচিট” আদালতত দাখিলৰ পাছত ধেমাজিৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰ নং – ০০০০০৫৭/২০২১ ৰ অধীনত চলিছিল ৰিন্টু শৰ্মাৰ গোচৰ। যোৱা ২৫ জুলাইত আদালতে অন্তিম শুনানী গ্ৰহণ কৰিছিল । জিলা সত্ৰ ন্যায়াধীশৰ আদালতে কালি বুধবাৰে এই গোচৰৰ প্ৰধান অভিযুক্ত ৰিন্টু শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত দোষী সাব্যস্ত কৰি আজি মৃত্যুদণ্ডৰে চুড়ান্ত ৰায় প্ৰদান কৰে ৷ আজি এই ৰায়দানৰ পাছতে দুৰ্ভগীয়া নন্দিতাৰ পৰিয়াল তথা আন দুই ভুক্তভোগী কাস্মীনা দত্ত আৰু দেৱ দত্তৰ হৈ উকালতি কৰা অধিবক্তা অজয় ফোগলাই কয় – নন্দিতাৰ সেই মৃত্যু কোনো স্বাভাৱিক মৃত্যু নাছিল, সেই মৃত্যু কোনো দুৰ্ঘটনাত হোৱা নাছিল অথবা ৰোগজনিত মৃত্যু নাছিল ৷
সেই মৃত্যু আছিল এক পৰিকল্পিত হত্যাকাণ্ড ৷ এটা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ প্ৰতিভা শেষ হ’ল ৷ আৰু এই যি ক্ষতি হ’ল সেয়া কেৱল নন্দিতা শইকীয়াৰৰ পৰিয়াল অথবা তেওঁৰ আত্মীয়-স্বজনৰ ক্ষতি নহয়, সেয়া কেৱল মৰিধল মহাবিদ্যালয়ৰ ক্ষতি নহয়, সেই ক্ষতি এক সামাজিক ক্ষতি ৷ অপৰাধ যিমানেই গম্ভীৰ হয় শাস্তিও সিমানেই গম্ভীৰ হয়৷ তাৰেই পৰিণতিত আজি মহামান্য আদালতে ৰিণ্টু শৰ্মাক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে ৷
পূৰ্বৱৰ্তী লেখা
পৰৱৰ্তী লেখা
