শতাব্দ প্ৰতিনিধি, নলবাৰী, ৬ মেঃ পৌৰ সভানেত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই নলা-নৰ্দমা চাফাই অভিযানত নামি পৰিল নলবাৰীৰ পৌৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ। বছৰ বছৰ ধৰি কৃত্ৰিম বানে জুৰুলা কৰি অহা নলবাৰীৰ নাগৰিকক সাময়িকভাবে সকাহ দিয়াৰ উদ্দেশ্যে আজি হাতে-কামে লাগি পৰে নতুন পৌৰ সভানেত্ৰীগৰাকী। চহৰৰ কৃত্ৰিম বান ৰোধৰ স্বাৰ্থতে নতুন পৌৰনেত্ৰী গৰাকীয়ে নলা-নৰ্দমা চাফাই কামত জড়িত হৈ পৰে যদিও সাম্প্ৰতিক বাৰিষা কালৰ এনে অভিযানে নাগৰিকক কিমান সকাহ দিয়ে সেয়া সময়েহে ক’ব। খৰালি কালত কুম্ভকৰ্ণ নিদ্ৰাত থকা নলবাৰী পৌৰসভাই বাৰিষা কালত জেচিবিৰে নলাৰ আবৰ্জনা আঁতৰ কৰা কাৰ্য মাজে সময়ে ৰাইজক চমক দেখুৱাবলৈহে কৰে বুলি চৰ্চিত হৈ অহাৰ সময়তে নতুনকৈ দায়িত্বভাৰ লোৱা পৌৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰে নলা-নৰ্দমা চাফাই অভিযানত হাতত কোৰ লৈ লাগি পৰা বিষয়টোৱে আজি বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হয়। আৱৰ্জনাৰে পৰিপূৰ্ণ হৈ থকা নলা-নৰ্দমাৰ জাৱৰ-জোথৰ নিষ্কাশন কৰি নলবাৰীবাসীক কৃত্ৰিম বানৰ পৰা সাময়িকভাৱে সকাহ দিয়াৰ উদ্দেশ্যেৰ এনে অভিযান আৰম্ভ কৰা হৈছে বুলি পৌৰনেত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য, নলবাৰী পৌৰসভাৰ অন্তৰ্গত কে’বাটাও ৱাৰ্ডত চলি আছে এনে চাফাই অভিযান। আজি চহৰৰ ১১, ১২ নম্বৰ ৱাৰ্ডত চলি আছে নলা নৰ্দমাৰ চাফাই কাম। ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত থকা নলাৰ লেতেৰা পৰিৱেশ প্ৰত্যক্ষ কৰি পৌৰনেত্ৰী গৰাকীয়ে সংশ্লিষ্ট ব্যৱসায়িক একপ্ৰকাৰ ধমক দিয়ে। ভৱিষ্যতে যাতে আবৰ্জনা নলা-নৰ্দমাত নেপেলাই তাৰ বাবেও তেওঁ সকীয়াই দিয়ে। নিজৰ ঘৰখনৰ দৰে সন্মুখভাগত থকা নলা-নৰ্দমাসমূহ চাফ-চিকুণকৈ ৰাখিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনোৱাৰ লগতে নলবাৰীৰ ব্যৱসায়ীসকলক ডাষ্টবিন ব্যৱহাৰ কৰিবলৈ বিশেষভাৱে আহ্বান জনায়। পৌৰসভাৰ উপ পৌৰপতি ড°ৰবীন দাস, ১২ নম্বৰ ৱাৰ্ডৰ কমিচনাৰ হিমানী ডেকা, ১৫ নম্বৰ ৱাৰ্ডৰ কমিচনাৰ ৰূপন জ্যোতি শৰ্মায়ো এনে চাফাই অভিযানত ভাগ লোৱা দেখা যায়।