নাওবৈচাত ক্ষুধাৰ্থ বন্যাৰ্তই  জ্বলালে ভৰত নৰহৰ পুত্তলিকা

0 11
শতাব্দ প্রতিনিধি,লখিমপুৰ,১৯ মেঃ লখিমপুৰত অব্যাহত আছে ধাৰাষাৰ বৰষুণ। নেৰানেপেৰা বৰষুণৰ বাবে জিলাখনত স্তব্ধ হৈ পৰিছে জনজীৱন। জিলাখনৰ প্ৰধান নদী বিশেষকৈ ৰঙানদী, সোৱণশিৰি, ডিক্ৰং, গাভৰু শিঙৰা আদি নদীসমূহ উফন্দি উঠিছে। জিলাখনত হোৱা বানৰ ফলত প্ৰায় ৭০খন গাঁও প্লাবিত হৈ পৰিছে। প্ৰায় ৮ শ হেক্টৰ কৃষিপথাৰ সম্প্ৰতি বানত বুৰ গৈছে।জিলাখনৰ সকলোবোৰ ৰবি শস্য বানত বিধৱস্ত হৈ পৰিছে। ইফালে নাওবৈচা বিধানসভা সমষ্টিৰ প্ৰায় দহ খন গাঁও প্লাবিত হৈছে দুটা কৈ শিবিৰত শতাধিক পৰিয়ালে আশ্ৰয় ল’ব লগা হৈছে। বহু লোকৰ ঘৰ দুৱাৰ বানত বুৰ গৈছে যদিও নাওবৈচা সমষ্টৰ বিধায়ক ভৰত নৰহৰ দেখা দেখি নাই। যাৰ বাবে আজি তেওঁৰ বিৰুদ্ধে ক্ষুব্ধ বানাক্ৰান্তই প্রতিমূর্তি জ্বলাই প্রতিবাদ সাব্যস্ত কৰে। সমষ্টিটোৰ ১নং ধৰ্মপুৰ, ৩নং ধৰ্মপুৰ, বিষ্ণুপুৰ, কেহুতলি আদিৰ শতাধিক বানাক্ৰাক্ৰান্তই খোৱা পানী, খাদ্য সামগ্ৰী নোপোৱাৰ অভিযোগ তুলি ভৰত নৰহৰ বিৰুদ্ধে বানাক্ৰান্তৰ খবৰ নোলোৱা বুলি অভিযোগ তুলি এনেদৰে প্ৰতিবাদেৰে সোচ্চাৰ হৈ পৰে। ভৰত নৰহ হায়, হায়, ভৰত নৰহ গ’ বেক আদি শ্ল’গানেৰে নাওবৈচাত উত্তাল প্রতিবাদ সাব্যস্ত কৰে।
মন্তব্য দিয়ক

Your email address will not be published.