0 0
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ২৪ জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে নাওবৈচাৰ যুৱনেতা জিন্টু হাজৰিকাক নিযুক্তি দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ২২ জানুৱাৰীত এক বিবৃতিত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাংগঠনিক সাধাৰণ সম্পাদক কে.চি বেনোগোপালে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ পূৰ্ণাংগ কমিটীখন নিযুক্তি দিয়ে। কংগ্ৰেছৰ যুৱনেতা জনক এনেদৰে সম্পাদক হিচাপে নিৰ্বাচিত কৰাত লখিমপুৰত আনন্দ উল্লাসৰ সৃষ্টি হৈছে।