শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১২ ছেপ্টেম্বৰঃ লখিমপুৰ জিলা ভূমি সংৰক্ষণ সংমণ্ডল কাৰ্যালয়টোত নতুনকৈ গৃহ নিৰ্মাণ কৰিবৰ বাবে ৰাজ্য চৰকাৰে ২০২১ বৰ্ষৰ ১৪ জুনতে এজন ঠিকাদাৰক গৃহ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰাৰ পিছতো এই পৰ্যন্ত গৃহতো নিৰ্মাণ কৰি উলিয়াব পৰা নাই৷ ভূমি সংৰক্ষণ বিভাগৰ তথ্য অনুসৰি যোৱা জুলাই মাহতে ৱৰ্ক অৰ্ডাৰৰ গৃহ নিৰ্মাণৰ কাৰ্যকাল শেষ হ’ল যদিও এই পৰ্যন্ত গৃহটোৰ নিৰ্মাণ কাৰ্য ২০ শতাংশও সম্পূৰ্ণ নহল৷ যাৰ বাবে অদ্যাপি এটি জৰাজীৰ্ণ, পানীপৰা গৃহত সংমণ্ডল কাৰ্যালয়টোৰ কামকাজ চলাই থাকিবলগীয়া হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি ২০২১ বৰ্ষৰ ১৪ জুনতে গুৱাহাটীৰ ঠিকাদাৰ আলিমুদ্দিনে এই সংমণ্ডল কাৰ্যালয়টো নিৰ্মাণৰ বাবে ৱৰ্ক অৰ্ডাৰ লাভ কৰিছিল৷ কিন্তু ঠিকাদাৰজনে দিৰ্ঘদিন ধৰি গৃহতো নিৰ্মাণ নকৰি শেহতীয়াকৈ কামত হাত দিছে যদিও গৃহ নিৰ্মাণৰ কাম ২০ শতাংশও সম্পূৰ্ণ হোৱা নাই৷ ২০২১-২২ বৰ্ষৰ এছ অ পি ডি আঁচনিৰ অধীনত মুঠ ৮৬ লাখ টকাৰ আৱণ্টনৰে এই গৃহটো নিৰ্মাণ কৰিবলৈ দিয়া হয় যদিও এতিয়া অতি লেহেমীয়া গতিৰে কাম আগবঢ়াত গৃহটো কেতিয়া সম্পূৰ্ণ হ’ব তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ পূৰ্বতে বিভাগীয় নিৰ্দেশনা অনুসৰি গৃহটো ২০২২ বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিছিল যদিও ঠিকাদাৰজনে ৰহস্যজনক কাৰণত গৃহ নিৰ্মাণ নকৰি কাম পেলাই ৰাখে৷ অৱশ্যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে উক্ত আঁচনিখন বন্ধ কৰি দিব বুলি বিভাগীয় ভাৱে নিৰ্দেশনা বাহিৰ হোৱাত আৰু দুবাৰকৈ সংশ্লিষ্ট ঠিকাদাৰজনক জিলা ভূমি সংৰক্ষণ সংমণ্ডল বিষয়াজনে জাননী প্ৰেৰণ কৰাত সম্প্ৰতি গৃহ নিৰ্মাণৰ তৎপৰতা প্ৰদৰ্শন কৰিলেও সেয়া সন্তোষজনক নহয়৷ ইফালে ভূমি সংৰক্ষণ বিভাগত কোটি কোটি টকা আৱণ্টন হোৱাৰ পিছতো এই পৰ্যন্ত বহুকেইখন আঁচনি আধৰুৱা হৈ থকাৰ লগতে একাংশ আঁচনিত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ যাৰফলত শেহতীয়াকৈ সদৌ অসম নিবনুৱা সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে বিভাগটোত চলি থকা দুৰ্নতিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব লগা হৈছে৷ উদাহৰণস্বৰূপে তেওঁলোকে আমতলা ৰিভাৰ লেণ্ড প্ৰটেকচন এণ্ড লেণ্ড ডেভলেপমেণ্ট প্ৰজেক্ট আন্দাৰ আই আৰ ডি এফ এক্স এক্স ভি আঁচনিখনৰ কথা উল্লেখ কৰি জলচ্ছেদ প্ৰকল্প নিৰ্মাণত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷