নীলাম হ’ব গান্ধীজীৰ ৭০টা সামগ্ৰী

বিক্ৰী হ'ব পাৰে কোটি টকাত

0 76

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ মে’ : হিন্দুত্ববাদীসকলে যিমানেই গডছেৰ পক্ষত মাত নামাতক কিয়, বিদেশৰ মাটিত আজিও ভাৰতবর্ষ মানে মহাত্মা গান্ধী। ফলত তেওঁৰ ব্যক্তিগত ব্যৱহাৰৰ লাম লাকটুক লৈয়ো সাধাৰণ জনতাৰ আগ্রহ তুঙ্গত। এইবোৰ সামগ্ৰী নীলামত (Auction) উঠিলে দাম উঠে আকাশচুম্বী। কিছুদিন আগেয়ে গান্ধীজীৰ এযোৰ চচমা বিক্রী হৈছিল ভাৰতীয় মুদ্রাত প্রায় আঢ়ৈ কোটি টকাত। পুনৰ জাতিৰ জনকৰ ব্যক্তিগত ব্যৱহাৰৰ কিছু সামগ্ৰী নীলামত বিক্ৰী হ’বলৈ গৈ আছে। ইংলেণ্ডৰ মাটিত এই অনলাইন নীলামত উঠিব মুঠ ৭০টা সামগ্ৰী। নীলাম সংস্থাটোৰ দাবী— সমস্ত সামগ্ৰীৰ সামগ্রিক দৰ উঠিব পাৰে প্রায় ৫ কোটি টকালৈকে।

  •  কি কি সামগ্ৰী নীলাম হ’ব
    জনা গৈছে, ২১ জুনত হ’ব এই নীলাম। অন্যতম নিলামকাৰী এণ্ড্ৰু ষ্টৰ বক্তব্য— “এইবাৰ এনে কিছুমান সামগ্ৰী নীলামত উঠিব, যিবোৰক কোৱা হয় ‘অত্যন্ত গুৰুত্বপূর্ণ।” তেওঁৰ কথাত, গান্ধীজীয়ে ব্যৱহাৰ কৰা এই সামগ্ৰীসমূহ ‘’পৃথিৱীৰ ইতিহাসৰ বাবেও গুৰুত্বপূর্ণ। যিবোৰ দেখি চমকি যাব মানুহ।’’ স্বাভাৱিকতেই প্রশ্ন উঠিব কি কি সামগ্ৰী আছে এইবাৰৰ নীলামত? জনা গৈছে, এইবাৰ নীলামত উঠিব মহাত্মা গান্ধীয়ে নিজ হাতে বোৱা এখন চুৰিয়া, দুযোৰ খৰম, জীৱন কালত তোলা শেষৰখন ফটো, কাৰাগাৰৰ পৰা লিখা চিঠি, লৱণ সত্যাগ্রহৰ সময়ত উপহাৰ পোৱা এখন উত্তৰীয়, চিয়াঁহীৰ দোৱাত, এযোৰ চচমাসহ আৰু কিছু সামগ্ৰী।
  • কোনে কৰিব নীলাম
    ‘ইষ্ট ব্রিষ্টল অকচনছ’ নামৰ নীলাম সংস্থাটোৱে অনুমান কৰিছে যে, গান্ধীজীৰ ধূতিৰ দাম উঠিব পাৰে ২৪ লাখ টকালৈকে। অন্যহাতে ১৯৪৭ চনত বিৰলা হাউজে তোলা শেষ ফটোখনৰ দাম উঠিব পাৰে ১ লক্ষ টকাপর্যন্ত। নিলামকাৰীসকলৰ দাবী— য’ত এই ফটোখন তোলা হৈছিল, তাৰ তিনি সপ্তাহ পিছত সেই স্থানতেই হত্যা কৰা হৈছিল গান্ধীজীক। জনা গৈছে, বিগত এবছৰ ধৰি সামগ্ৰীসমূহ সংগ্রহ কৰা হৈছে। ব্যক্তিগত সংগ্রাহকৰ পৰা সেইসমূহ সংগ্রহ কৰিছে নিলামকাৰী সংস্থাটোৱে। এইবাৰ যিবোৰ সামগ্ৰী ইংলেণ্ডৰ মাটিত নীলামত উঠিবলৈ গৈ আছে, তাৰ বাবে সাগ্রহে অপেক্ষা কৰিছে মহাত্মা গান্ধীৰ গোটেই বিশ্বৰ ভক্তসকল।
মন্তব্য দিয়ক

Your email address will not be published.