নেজাল মানৱ! জন্মতে লৈ আহিল ২ ইঞ্চি দীঘল নেগুৰ

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ নৱেম্বৰ : মেক্সিকোৰ নুৱেভ’ লিঅ’নৰ এখন চিকিৎসালয়ত সদ্য জন্ম হোৱা এটি কন্যা শিশুৱে নেট জগতত হৈ চৈৰ সৃষ্টি কৰিছে। কাৰণ, এই কন্যা শিশুটি আন চাৰি-পাঁচটা শিশুতকৈ পৃথক। জন্মতে তেওঁৰ এক বিশেষ বৈশিষ্ট্য আছে। তেওঁৰ শৰীৰত এটা অতিৰিক্ত অংগ লৈ জন্ম হৈছে– দুই ইঞ্চি দীঘল এডাল নেগুৰ। চিকিৎসকে কয় যে নেগুৰডাল সম্পূৰ্ণ গঠিত। তেওঁলোকে কয় যে শিশু কন্যাটিৰ শৰীৰত লাগি থকা নেজডাল কোমল, চামৰাৰ দৰে আৰু মিহি চুলিৰে আবৃত। নেজডালৰ আগটোৰ পৰিধি ৫ মিলিমিটাৰ। অস্ত্ৰোপচাৰৰ জৰিয়তে জন্ম হৈছিল শিশুটিৰ। ডাঃ ড. জোছু ৰুয়েডাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে এই অস্ত্ৰোপচাৰ কৰিছিল। তেওঁলোকে কয় যে শিশুটিৰ পিতৃ-মাতৃ দুয়োৰে বয়স ২০ বছৰ। দুয়োজনেই একেবাৰে সুস্থ। পূৰ্ণকালীন গৰ্ভাৱস্থাৰ পিছত জন্ম হয় শিশুটি। গৰ্ভাৱস্থাত কোনো ধৰণৰ জটিলতা দেখা পোৱা নাছিল। শিশুটিৰ আন কোনো বেমাৰ নাছিল। নেজডাল ভৰিৰ হাড়ৰ লগত লাগি আছিল। কিন্তু এই নেজত কোনো স্বতঃস্ফূৰ্ত গতি দেখা পোৱা নগ’ল। পিছত নেজডাল অস্ত্ৰোপচাৰ কৰি আঁতৰাই পেলোৱা হয়। অস্ত্ৰোপচাৰটো অঘটনহীন আছিল বাবে সেইদিনাই কেঁচুৱাটিক ডিচচাৰ্জ দিয়া হয়। পিছলৈ চিকিৎসকে কটা নেজডাল বিশ্লেষণ কৰি সঁচা অৰ্থত সুগঠিত নেগুৰ বুলি গম পাইছিল। নেগুৰত পেশী, ৰক্তবাহী নলী আৰু স্নায়ু থাকে যদিও হাড় নাথাকে। আন প্ৰাণীৰ নেজো এনেদৰে গঠন হয়। মন কৰিবলগীয়া যে সকলো কেঁচুৱাৰে নেগুৰ ভ্ৰূণৰ অৱস্থাত থাকে। চিকিৎসকৰ মতে এই নেজৰ উৎপত্তি তাৰ পৰাই হৈছে। চিকিৎসকে কয়, এই ঘটনা অতি বিৰল। সমগ্ৰ বিশ্বৰ ইতিহাসত এনে দুই শতাধিক ৰোগীৰহে সন্ধান পোৱা গৈছে। এইটো সম্ভৱতঃ মেক্সিকোত পোৱা প্ৰথমটো নমুনা। বিশ্বত ২০১৭ চনলৈকে এনেধৰণৰ মাত্ৰ ১৯৫টা ঘটনাহে ধৰা পৰিছিল। আটাইতকৈ দীঘল নেগুৰডাল আছিল ৭.৯ ইঞ্চিৰ।

মন্তব্য দিয়ক

Your email address will not be published.