লখিমপুৰ,১৯মাৰ্চঃ ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত ভাৰত চৰকাৰৰ “কেটচ্ দ্য ৰেইন” শীৰ্ষক কাৰ্যসূচীৰ অংশ স্বৰূপে বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত এক সজাগতামূলক অভিযান আৰম্ভ কৰিছে । উক্ত অভিযানৰ অংশ হিচাপে আজি উত্তৰ লখিমপুৰ নেহৰু কেন্দ্ৰৰ উদ্যোগত বগীনদী উত্তৰাঞ্চল চাৰু কলা কেন্দ্ৰৰ সহযোগত বগীনদী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত এখনি সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে এক সজাগতা সভা কাৰ্যসূচী ৰূপায়ন কৰা হয় ।উক্ত কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ ৰূপমজ্যোতি চেতিয়া, স্থানীয় চাৰু কলা শিক্ষক কুলধৰ কোঁৱৰ, স্থানীয় শিক্ষক তৰুণ শইকীয়া, বসন্ত কুমাৰ গগৈ, ডেইজী চুতীয়াৰ লগতে প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল।আজি অনুষ্ঠিত সজাগতামূলক চিত্ৰাংকন প্ৰতিযোগিতাত উচ্চ শাখাত গীতিকা নন্দীয়ে প্ৰথম, শৰ্মিষ্ঠা নন্দীয়ে দ্বিতীয়, ৰিয়াশ্ৰী সোনোৱালে তৃতীয় আৰু নিম্ন শাখাত পুৰ্বাশ্ৰী দাসে প্ৰথম, এনিশা গগৈয়ে দ্বিতীয় আৰু ডিম্পী দাসে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।পুৰস্কাৰ প্ৰাপ্ত প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীসকলক উত্তৰ লখিমপুৰ নেহৰু যুৱ কেন্দ্ৰৰ বিষয়ববীয়া, বগীনদী উত্তৰাঞ্চল চাৰু কলা কেন্দ্ৰৰ বিষয়ববীয়া আৰু বগীনদী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষকসকলে অভিনন্দন জ্ঞাপন কৰে ।