নৌসেনাৰ হাতত দেশীয় ডেষ্ট্ৰয়াৰ আৰু ফ্রিগেট স্বনির্ভৰতাৰ বার্তা ৰাজনাথ সিঙৰ

0 40
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ মে’ : একেলগে পানীত ভাঁহিল ভাৰতীয় নৌসেনাৰ দুই আধুনিক যুদ্ধ জাহাজ। প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিঙে ১৭ মে’ মঙ্গলবাৰে মুম্বাইৰ ‘মাঝগাঁও ডক য়ার্ড’ৰ পৰা আনুষ্ঠানিকভাৱে নৌবাহিনীৰ অন্তর্ভুক্ত কৰে ডেষ্ট্ৰয়াৰ ‘আইএনএছ সুৰত’ আৰু ফ্রিগেট ‘আইএনএছ উদয়গিৰি’ক। আইএনএছ সুৰতৰ সৌজন্যত ভাৰতীয় নৌসেনাৰ অস্ত্রাগাৰলৈ আহিল চতুর্থ পি-১৫বি শ্রেণীৰ ‘গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ’। অন্যহাতে পি-১৭এ (শিবালিক) শ্রেণীৰ ‘ষ্টেলথ ফ্রিগেট’ আইএনএছ উদয়গিৰি ভাৰতীয় নৌবাহিনীৰ নতুন হাথিয়াৰ। দুয়োখন যুদ্ধজাহাজৰ নক্সা তৈয়াৰ কৰিছে ভাৰতীয় নৌবাহিনীৰ ‘ডিৰেক্টৰেট অব নেভেল ডিজাইন’ (ডিএনডি)-এ। ‘মাঝগাঁও ডক য়ার্ড’ কর্তৃপক্ষই যুদ্ধজাহাজ দুখন নির্মাণ কৰিছে। ৰাজনাথ সিঙে মঙ্গলবাৰে টুইটাৰত লিখিছে— ‘‘এই যুদ্ধ জাহাজে বিশ্বৰ সমুখত ভাৰতৰ কৌশলগত শক্তি আৰু স্বনির্ভৰতাৰ দক্ষতাকে তুলি ধৰিছে।’’ প্রসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে, ২০২৭ চনৰ ভিতৰত ভাৰতীয় নৌবাহিনীৰ ভঁৰালত অন্ততঃ ২০০খন বিভিন্ন শ্রেণীৰ যুদ্ধজাহাজ মজুত কৰাৰ লক্ষ্য লৈছে নৰেন্দ্র মোদী চৰকাৰে। নতুন যুদ্ধ জাহাজসমূহৰ অধিক অংশই কোচি, মুম্বাইসহ দেশৰ বিভিন্ন ডক য়ার্ডত নিৰ্মাণ কৰা হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.