নৰ্থ লখিমপুৰ কলেজত গ্ৰন্থ উন্মোচন

কবিতা প্ৰতিযোগিতাৰ বঁটা প্ৰদান

0 40
শতাব্দ প্ৰতিনিধি, লখিমপুৰ ১২ ছেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগেন তামুলী স্মাৰক কবিতা প্ৰতিযোগিতাৰ বঁটাসমূহ আজি প্ৰদান কৰা হয়৷ অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ৰঞ্জন কুমাৰ বৰাই৷ অধ্যাপক যোগেন তামুলীৰ পৰিয়ালৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ উচ্ছ শাখাত  প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে দিব্যলক্ষী সেনাপতি (নৰ্থ লখিমপুৰ কলেজ), ডিম্পল হাজৰিকা, (বি.বৰুৱা কলেজ) আৰু জয়শ্ৰী নেওগ (সন্দিকৈ ছোৱালী মহাবিদ্যালয়)৷ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে নৰ্থ লখিমপুৰ কলেজৰ কেশৱ চাউ আৰু বিবেকানন্দ গগৈয়ে৷ নিম্ন শাখাত স্থান লাভ কৰে ক্ৰমে কংকণা শইকীয়া (খৰা উচ্ছতৰমাধ্যমিক বিদ্যালয়), লিপিকা বৰা (নাৰায়ণপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়) আৰু জিজ্ঞাসা প্ৰিয়ম দত্ত (ব্ৰিলিয়াণ্ট একাডেমী)৷ বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ৰিজলিউশ্বন একাডেমীৰ দেৱজানীৰ শইকীয়াই৷ আজিৰ অনুষ্ঠানতে  অসমীয়া বিভাগৰ ছাত্ৰী আকাংক্ষা তামুলীৰ ‘পোহৰ প্ৰয়াসী পক্ষী’ নামৰ এখন উপন্যাস উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ধনদা দেৱীয়ে৷ উন্মোচকৰ একাষাৰত তেওঁ কয়, ‘অভিজ্ঞতা আৰু গভীৰ পৰ্যবেক্ষণ অবিহনে এগৰাকী লেখক পৈণত হৈ উঠিব নোৱাৰে আৰু সেইয়া আকাংক্ষা তামুলীৰ মাজত নিশ্চিতভাৱে আছে৷’ লেখিকা আকাংক্ষা তামুলীয়ে গ্ৰন্থখনৰ সম্পৰ্কত কয় যে, চৰিত্ৰ চিত্ৰণৰ ক্ষেত্ৰত তেওঁ সদায় নিজৰ চেতনাক প্ৰাধান্য দি আহিছে৷ দুয়োটা কাৰ্যসূচীতে উপস্থিত থাকে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা ক্ৰমে  ড॰ ধনৰঞ্জন কলিতা, ড॰ হেমন্ত শৰ্মা, ড॰ ধীৰাজ পাটৰ, মুনমী দত্ত, ড॰ বৰ্ণালী বৰা আদি৷ লালুক কলেজৰ সহকাৰী অধ্যাপিকা ৰীতা ভূঞাকে ধৰি ভালেসংখ্যক অতিথিও উপস্থিত থাকে৷
মন্তব্য দিয়ক

Your email address will not be published.