উত্তৰ লখিমপুৰ, ১৯ আগষ্টঃ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীয়ে (এনচিচি) যৌথভাৱে ১৯ আগষ্টত বিশ্ববিদ্যালয়ৰ ডিজিটেল ক্লাছৰুমত বিশ্ব মানৱতাবাদী দিৱস উদযাপন কৰে। অনুষ্ঠানত উপস্থিত থাকে প্ৰধান অতিথি হিচাপে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ বিভাগীয় মুৰব্বী ড° দিগন্ত হাতীবৰুৱা, চিকিৎসক আৰু সামূহিক স্বাস্থ্য বিশেষজ্ঞ ডাঃ কুইন বৰুৱা, লেফটেনেন্ট নয়না তেৰণ, ANO এনচিচি, নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ড° চুচেংফা গগৈ, মুনমী বৰুৱা আৰু মিন্টু নেওগ। ভাষণত ডাঃ কুইন বৰুৱাই আয়ুষ্মান ভাৰত– পিএমজেএৱাই আঁচনিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু সামূহিক স্বাস্থ্য সেৱাত চিকিৎসকসকলৰ বিশেষ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰে। তাৰ পাছত ড° দিগন্ত হাতীবৰুৱাই বিশ্ব মানৱতাবাদী দিৱসৰ তাৎপৰ্য সংক্ষেপে আলোচনা কৰে। অনুষ্ঠানটো আঁত ধৰে লেফটেনেন্ট নয়না তেৰণে আৰু শলাগৰ শৰাই জ্ঞাপন কৰে ড° চুচেংফা গগৈয়ে। অনুষ্ঠানটিৰ সংক্ষিপ্ত প্ৰতিবেদন উপস্থাপন কৰে ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ প্রথম ষান্মাসিকৰ ছাত্ৰী পৰিস্মৃতা প্ৰসাদে। অনুষ্ঠানত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ এনচিচি কেডেটসকল আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
