পদপথৰ কুকুৰক লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত অস্ত্ৰোপচাৰ
সাংবাদিক মাতৃ, অধিবক্তা কন্যাৰ মহানুভৱতা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ , ১৮ মেঃ ‘স্নেহ’ৰ সঠিক ধাৰণাটো কি? কেৱল স্বামী-স্ত্ৰীৰ মাজৰ সু-সম্পৰ্কই স্নেহৰ সংজ্ঞা বহন কৰে নেকি। অন্য জীৱ-জন্তুৰ প্ৰতি মানৱ প্ৰজাতিৰ স্নেহ বা প্ৰেম কেনেধৰণৰ। ঘৰত কুকুৰ, মেকুৰী আদি লালন-পালন কৰি আলপৈচান ধৰা কাৰ্যই পশুপ্ৰেমী বুজায় জানো? উত্তৰ লখিমপুৰ নগৰৰ মাজমজিয়াৰ বজাৰপট্টি এলেকাত অজ্ঞাত তীব্ৰবেগী বাহনৰ খুন্দাত দুৰ্ঘটনাগ্ৰস্ত হৈ এটা ঠেং হেৰুৱা কুকুৰ এটাক এহাল হৃদয়ৱান মাতৃ-কন্যাই পৰিচৰ্যা কৰাৰ মহানুভৱতাক ৰাইজে শলাগ লৈছে। পশুপ্ৰেমী তথা দৈনিক অসম কাকতৰ লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰিয়ম জ্যোতি ফুকনে খোজকাঢ়ি অহাৰ সময়ত বজাৰপট্টি এলেকাত ১৫ মে’ৰ বিয়লি দুৰ্ঘটনাগ্ৰস্ত কুকুৰটোক প্ৰত্যক্ষ কৰে। উল্লেখ্য যে, কৰোণা মহামাৰীৰ লকডাউনে জনজীৱন স্তব্ধ কৰাৰ সময়খিনিত উত্তৰ লখিমপুৰ চহৰৰ পদপথৰ কুকুৰক প্ৰতিদিনে খাদ্যৰ যোগান ধৰিছিল সাংবাদিক ফুকন আৰু তেখেতৰ অধিবক্তা কন্যা বৈশালীয়ে। অচিনাক্ত বাহনৰ খুন্দাত ৰাজহাড় আৰু ঠেং ভঙা পদপথৰ ‘বেৰী’ নামৰ কুকুৰ এজনীকো ৰাজধানীৰ খানাপাৰাস্থিত ৰাজ্যিক পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত জটিল অস্ত্ৰোপচাৰ কৰোৱাই প্লেট বহাইছিল। সম্পূৰ্ণ নিজা খৰচত পদপথৰ কুকুৰক চিকিৎসা আৰু খাদ্যবস্তুৰ যোগান ধৰা পশুপ্ৰেমী সাংবাদিক গৰাকীয়ে পিছদিনা কুকুৰটোক জিলা পশু চিকিৎসালয়লৈ লৈ যায়। সাংবাদিক গৰাকীৰ কন্যা বৈশালীয়ে কুকুৰটোৰ উন্নত চিকিৎসাৰ বাবে পশুপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰি সামাজিক মাধ্যমত ফটো ভাগ-বতৰা (শ্বেয়াৰ) কৰে, সেইমৰ্মেই বৈশালীৰ একাউণ্টত সামান্য টকা কেইটামান জমা হয়। চিকিৎসালয়খনত প্ৰাথমিক চিকিৎসা কৰোৱাই এটা ঠেং ছিগা আৰু উৱলি যোৱা কুকুৰটোৰ উন্নত চিকিৎসাৰ বাবে ১৭ মে’ৰ দিনা উত্তৰ লখিমপুৰ চহৰৰ পৰা বাৰ কিলোমিটাৰ নিলগৰ লীলাবাৰী অঞ্চলৰ জহিংস্থিত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়লৈ মাতৃ-কন্যাই লৈ আহে। ১৭ মে’ত মহাবিদ্যালয়খনৰ অধ্যাপক, চিকিৎসক ডাঃ বিৰাজ কুমাৰ শৰ্মাৰ নেতৃত্বত চিকিৎসাকৰ্মীৰ দলে কুকুৰটোৰ উৱলি যোৱা এটা ঠেং আঁঠুলৈকে কাটি অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। অস্ত্ৰোপচাৰৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পশুপ্ৰেমী সাংবাদিক ফুকনে মহাবিদ্যালয়খনৰ চিকিৎসাকৰ্মীৰ দলটোক কৃতজ্ঞতা জনায়। বিগত সময়চোৱাত বহুকেইটা অমাত প্ৰাণীক নতুন জীৱন দিয়া মহাবিদ্যালয়খনৰ ডীন ডাঃ উমাৰাম তামুলী, অধ্যাপক, চিকিৎসক ডাঃ মানৱ শৰ্মা, ডাঃ মৃদুপৱন বৈশ্য, ডাঃ ৰুমা দেৱী প্ৰমুখ্যে সমূহ অধ্যাপক, চিকিৎসক, চিকিৎসাকৰ্মীক সাংবাদিক ফুকনে কৃতজ্ঞতা জনায়। পশুপ্ৰেমী সাংবাদিক ফুকনে কয়, পশু চিকিৎসাৰ বাবে জনসাধাৰণৰ সুবিধাৰ্থে মুকলি কৰা ১৯৬২ টোলফ্ৰী নম্বৰটো লখিমপুৰত একেবাৰেই পুতৌলগা। ৰাজ্যৰ দ্বিতীয় তথা উত্তৰ অসমৰ প্ৰথমখন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনত পশুক ৰাখি চিকিৎসা প্ৰদানৰ বাবে ইনডোৰ পেচেণ্ট ফেচিলিটি (In Patients Facility) নথকাৰ লগতে জৰুৰীকালীন এম্বুলেঞ্চ নথকাটো পশুপালক তথা গোপালকসকলৰ বাবে দুখজনক কথা। সকলো ৰাজ্যিক পশু চিকিৎসালয়, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ক্লিনিক (OPD) বিয়লি ৪ বজালৈ খোলা ৰখাৰ দাবী জনাই কয়, মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসক, অধ্যাপক, চিকিৎসাকৰ্মী নিয়োগ কৰি উন্নত চিকিৎসা কৰাৰ লগতে পশুৰ বাবে বিনামূলীয়ালৈ চিকিৎসা, কপাহ, বেণ্ডেজ, চেলাইন, ঔষধ আদি থকা উচিত। কিয়নো পশুৰ জটিল অস্ত্ৰোপচাৰ কৰিব পৰাকৈ পৰ্যাপ্ত সুবিধা এতিয়ালৈকে লখিমপুৰৰ মহাবিদ্যালয়খনত গঢ়লৈ উঠা নাই আৰু গুৱাহাটীলৈ নিয়াটো যথেষ্ট কষ্টসাধ্য আৰু ব্যয়বহুল। উল্লেখযোগ্য যে, ২০২৪ বৰ্ষৰ ছেপ্তেম্বৰ মাহত অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰালৈ লখিমপুৰ জিলা আয়ুক্তৰ জৰিয়তে সেই সন্দৰ্ভত স্মাৰক-পত্ৰ দিছিল যদিও, বিভাগীয় দপ্তৰৰ পৰা আজিলৈও কোনো সঁহাৰি পোৱা নাই। পশুপ্ৰেমী সাংবাদিক ফুকন আৰু কন্যা বৈশালীয়ে অৰ্থৰ অভাৱত অস্ত্ৰোপচাৰ সম্পন্ন কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে ৰোগীয়া কুকুৰটোক পৰৱৰ্তী সময়ত আলপৈচান ধৰিবৰ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এইক্ষেত্ৰত পশুপ্ৰেমী সাংবাদিক ফুকনৰ মোবাইল ৯৯৫৪৩-৩০৯৬৬ নম্বৰত যোগাযোগ কৰি সহযোগিতা আগবঢ়াব পাৰে। দৰদী মাতৃ-কন্যাৰ অন্য জীৱৰ প্ৰতি অকৃত্ৰিম স্নেহ বা প্ৰেমৰ দৰে মহানুভৱতাক সহযোগিতা কৰিবলৈ কোনোবাই আগবাঢ়ি আহিবনে? অমাত জীৱৰ প্ৰতি মানৱ জাতিৰ সহানুভূতি আৰু সহযোগিতা কামনা কৰিছে পশুপ্ৰেমী ফুকন আৰু কন্যা বৈশালীয়ে।