শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মাৰ্চঃ শতাধিক যন্ত্ৰ-সঁজুলি উদ্ভাৱনেৰে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা অসম সন্তান উদ্ধব ভঁৰালী এতিয়া ক’ত আছে? বিগত সময়চোৱাত এই প্ৰশ্ন বহুতৰ মনলৈ আহিছে যদিও সদুত্তৰ পোৱা হোৱা নাছিল। শত সহস্ৰ গুণমুগ্ধক আহ্লাদিত কৰিব পৰা ভাল খবৰটো অৱশেষত আহিল-সম্প্ৰতি উদ্ধব ভৰালীৰ বন্দিত্বৰ কাল উকলি মুক্ত আকাশৰ তলত। এক চৰম দুৰ্ভাগ্যজনক পৰিস্থিতিত শিশু নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৈ Special(POCSO) 117/21নম্বৰ গোচৰত ১৪ মাহ কাৰাবন্দী হৈ থকা ভঁৰালীয়ে অৱশেষত জামিন লাভ কৰে। ২০২২ চনৰ ২১ জানুৱাৰীৰ পৰা লখিমপুৰ জিলা কাৰাগাৰত বন্দী হৈ থকা ভঁৰালীক লখিমপুৰৰ বিশেষ ন্যায়াধীশৰ আদালতে যোৱা ২০ মাৰ্চত জামিন মঞ্জুৰ কৰে আৰু ২১ মাৰ্চত ভঁৰালীয়ে কাৰাগাৰৰ পৰা মুক্ত হৈ গৃহভিমুখী হয়। উল্লেখ্য যে ইতিমধ্যে যোৱা ১৯ মাৰ্চত ভঁৰালীৰ পত্নী তথা একালৰ অভিনেত্ৰী ইভা দাসৰ বিয়োগ ঘটে।