শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ছেপ্টেম্বৰ : স্মাৰ্টফোন অবিহনে গোটেই দিনটো আমি কল্পনা কৰিব নোৱাৰোঁ! ৰাতিপুৱা সাৰ পোৱাৰ পৰা আৰম্ভ কৰি ৰাতি শুই থাকোঁতে দেশ-পৃথিৱীৰ খবৰ, নেট জগতত গোটেই দিনটো কি হৈছিল, হাতৰ এটা ক্লিকতে সকলো গম পোৱা যায়। স্মাৰ্টফোনৰ প্ৰতি থকা অত্যধিক আসক্তিৰ বাবে আমি যেন অজানিতে সামাজিক আৰু পাৰিবাৰিক জীৱনৰ পৰা আঁতৰি গৈ আছোঁ, শেহতীয়া বিভিন্ন অধ্যয়নে অন্ততঃ সেই কথাই প্ৰকাশ কৰিছে। কিন্তু মধ্য প্ৰদেশৰ এক নতুন পদক্ষেপে সকলোকে আচৰিত কৰি তুলিছে। ডিজিটেল আসক্তি ৰোধ কৰিবলৈ মধ্যপ্ৰদেশৰ ৰাইচেন জিলাৰ একাংশ জৈন সম্প্ৰদায়ৰ লোকে ইলেক্ট্ৰনিক গেজেট আৰু ইণ্টাৰনেটৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ ২৪ ঘণ্টীয়া ‘ডিজিটেল উপবাস’ পালন কৰে। জৈন সমাজৰ প্ৰায় ১০০০ সদস্যই তেওঁলোকৰ পৰ্যুষণ উৎসৱৰ সময়ত ভূপালৰ বেগামগঞ্জৰ এটা মন্দিৰত ২৪ ঘণ্টা ধৰি মোবাইল ৰাখিছিল। আত্মশুদ্ধি, আত্মনিৰীক্ষণ আৰু আধ্যাত্মিক বিকাশৰ বাবে জৈন সম্প্ৰদায়ৰ লোকসকলে প্ৰতি বছৰে পৰ্যুষণ পৰ্ব পালন কৰে। এই উৎসৱত তেওঁলোক উপবাসে থাকে। সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত জৈন সম্প্ৰদায়ৰ নেতা অক্ষয় জৈনে কয়— ‘‘মোবাইল ফোন আৰু ইণ্টাৰনেটৰ প্ৰতি থকা আসক্তি হ্ৰাস কৰাৰ বাবে ডিজিটেল উপবাসৰ কথা চিন্তা কৰা হৈছে। এই উপবাসত মানুহে ফোন বন্ধ কৰি মন্দিৰত ৰাখে। প্ৰায় ১০০০ লোকে এই উপবাস পালন কৰে। গতিকে এইবাৰো আমি নিজকে ইণ্টাৰনেটৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছোঁ। ইণ্টাৰনেট কোনো উপায়েৰে ব্যৱহাৰ নকৰিবলৈ বিশেষ সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। আমি ভৱিষ্যতেও এই ধৰণৰ উদ্যোগ ল’ব পাৰোঁ। “