শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩১ আগষ্ট : তিনিচুকীয়া জিলাৰ গোবিন্দপুৰ নিবাসী পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চেনীৰাম সোনোৱালৰ যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৯১ বছৰ ৷ বৃহত্তৰ পানীতোলা অঞ্চলৰ এগৰাকী সমাজকৰ্মী, শিক্ষাবিদ তথা সৰবৰহী ব্যক্তি চেনীৰাম সোনোৱালৰ মৃত্যুত একাধিক ব্যক্তিৰ লগতে পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিক্ষক তথা বিশিষ্ট কবি অমৃত ৰাজখোৱা, হিজুগুৰি সমল কেন্দ্ৰৰ হৰেশ্বৰ দাস, ডিমৰু গাঁৱৰ সভানেত্ৰী জীনা সোনোৱালৰ উপৰি বিভিন্ন দল, সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে ৷ মৃত্যুৰ সময়ত তেখেতে পত্নীৰ লগতে দুগৰাকী পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীক ইহ সংসাৰত এৰি থৈ যায় ৷