শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ জানুৱাৰীঃ ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলক অৱশেষত বে-দখল মুক্ত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে লখিমপুৰ জিলা প্ৰশাসনে৷ কাইলৈ ১০ জানুৱাৰী পুৱা ৯ বজাৰ পৰা পাভ বনাঞ্চলত তীব্ৰ ৰূপত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসন৷ ইতিমধ্যে পাভত লখিমপুৰ জিলাৰ ৬ শতাধিক নিৰাপত্তাৰক্ষীয়ে বিগত ৯-১০ দিন ধৰি অস্থায়ী শিবিৰ সাজি অৱস্থান গ্ৰহণ কৰি উচ্ছেদ চলোৱাৰ বাবে সাজু হৈছে৷ আৰক্ষী-জিলা প্ৰশাসনে উচ্ছেদৰ বাবে প্ৰয়োজন হোৱা সকলো সা-সৰঞ্জাম সাজু কৰি ৰখাৰ লগতে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা বৃহৎ সংখ্যক জেচিবি অধিগ্ৰহণ কৰিছে৷ কাইলৈ প্ৰথম পৰ্যায়ত প্ৰশাসনে আধাখনা অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বে-দখল মুক্ত কৰিবলৈ ২৯৯টা গৃহ উচ্ছেদৰ প্ৰস্তুতি গ্ৰহণ কৰিছে৷ দ্বিতীয় পৰ্যায়ত প্ৰশাসনে মহঘূলি অঞ্চলৰ ২০০ হেক্টৰ ভূমি বে-দখল মুক্ত কৰাৰ বাবে ২০২টা ঘৰ উচ্ছেদৰ পদক্ষেপ লৈছে৷ উল্লেখনীয় কথা যে ১৯৪১ চনত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু সেই সময়ত বনাঞ্চলৰ মাটি কালি আছিল ৪৬২৮.৮৭ হেক্টৰ৷ লখিমপুৰ বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষকে অৱগত কৰা অনুসৰি পাভ সংৰক্ষিত বনাঞ্চলৰ ৪৫০ হেক্টৰ ভূমিত বেদখল আছে৷ সেয়ে এই স্থানত ১০-১১ জানুৱাৰীত উচ্ছেদৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ লক্ষণীয় যে একাংশ লোকে প্ৰশাসনৰ আগতীয়া জাননী লাভ কৰি সেই স্থান ত্যাগ কৰে যদিও এতিয়াও বহু লোক উক্ত স্থানতে আছে৷ এসময়ত বনৰীয়া ম’হৰ বাবে বিখ্যাত পাভ সংৰক্ষিত বনাঞ্চলত প্ৰায় ৮০ দশকৰ পৰা একাংশ লোকে গছ-গছনি ধবংস কৰি বনাঞ্চলৰ ভূমি বেদখলত নামি পৰে৷ কালক্ৰমত এনেদৰে বনাঞ্চলখনৰ শ শ হেক্টৰ বনভূমি বে-দখলৰ কবলত পৰে৷ ইতিপূৰ্বে সেই স্থানত প্ৰশাসনৰ পৰা যোৱা নিৰাপত্তাৰক্ষীয়ে ৩-৪ দিন ধৰি আগতীয়া উচ্ছেদ অনুশীলন চলোৱাৰ লগতে পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে৷ লখিমপুৰ জিলা প্ৰশাসনে যি কোনো প্ৰকাৰে বেদখল মুক্ত কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে৷ উল্লেখ্য যে উক্ত স্থানত অগপৰ শাসন কালত বান ভগনীয়া একাংশ থলুৱা মিচিং আৰু দেউৰী লোকক চৰকাৰীভাবে ভূমি প্ৰদান কৰা হৈছিল যদিও সেই সকল লোকো এতিয়া বেদখলকাৰী বুলি চিহ্নিত হৈছে।