পুডুচেৰিত অসমৰ শোণিতপুৰৰ মহিলা দললৈ শ্ৰেষ্ঠ দলৰ সন্মান 

0 0
শতাব্দ প্ৰতিনিধি, তেজপুৰ , ১৩ ফেব্ৰুৱাৰীঃ কালি সমাপ্ত হোৱা ৩৮ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় টাইকোৱানডো  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলাৰ তেজপুৰৰ গৰৈমাৰীত অৱস্থিত এছ এছ বি দল টিয়ে সোণ-ৰূপ আৰু ব্ৰঞ্জৰ কেবাটাও পদকেৰে শোণিতপুৰৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে যো৩১০ফ্ৰেব্ৰৱাৰীৰ পৰা ১২ফ্ৰেব্ৰুৱাৰী লৈ পুডুচেৰিৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত অসম জীয়ৰী তাচিন বেগম, সবিতা ৰামচিয়াৰি আৰু সীমা কানজীয়াই ৩ টাকৈ সোণ, অভিজিত কলিতা,অমিত প্ৰধান আৰু বিনোদ দাসৰ দলটিয়ে ব্ৰঞ্জৰ লগতে অভিজিত কলিতাই একক শাখাত ৰূপৰ পদক অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । বিদ্যালক্ষ্মী দেৱী, জয়মালা দেৱী আৰু আৰ কে দাইনাই ( পুমচে ত) সোণৰ পদক অৰ্জন কৰে।দলটি য়ে সৰ্বমুঠ ৫টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জ পদক অৰ্জন কৰে। দলটিৰ বৰ্তমান প্ৰশিক্ষক হৈছে শ্বেইখ আব্দুল ৰফিক। উল্লেখ্য যে এই প্ৰতিযোগিতাত  এছ এছ বিৰ ছোৱালী দলটোক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল ঘোষণা কৰাত স্বাভাৱিকতে শোণিতপুৰত আনন্দৰ জোৱাৰ উঠে। আনহাতে অভিজিত কলিতা আৰু বিদ্যা লক্ষ্মী দেৱীয়ে যুটিয়া ভাৱে ৰুপৰ  পদক লাভ কৰে।
মন্তব্য দিয়ক

Your email address will not be published.