পুৰণি পেঞ্চন বাহাল কৰা দলেই লাভ কৰিব দেশৰ শাসনভাৰ

১০ আগষ্টত দেশৰ ৰাজধানী দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী

0 42

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সভাত শ্ৰমিক নেতা শিৱগোপাল মিশ্ৰই কলে- যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ কৰিব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুলাই : যি দলে পুৰণি পেঞ্চন বাহাল কৰিব, সেই দলেই দেশৰ শাসনভাৰ লাভ কৰিব৷ দেশৰ হকে গোটেই জীৱন সেৱা আগবঢ়োৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক পেঞ্চনৰ পৰা বঞ্চিত কৰি চূড়ান্ত অন্যায় কৰা হৈছে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অল ইণ্ডিয়া ৰেলৱে মেনছ্ ফেডাৰেচনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই । আজিৰ পৰা তিনিদিনীয়াকৈ পশ্চিমবংগৰ শিলিগুৰিত অনুষ্ঠিত হোৱা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কাৰ্যনিৰ্বাহকৰ মুকলি সভাত ভাষণ প্ৰদান কৰি শ্ৰমিক নেতাজনে কয় যে সামাজিক দায়বদ্ধতা পাহৰি কেন্দ্ৰীয় চৰকাৰে যি জনবিৰোধী নীতি গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে অল ইণ্ডিয়া ৰেলৱে মেনছ্ ফেডাৰেচনে দেশৰ ৰাজধানীৰ যন্তৰ মন্তৰ, ৰামলীলা ময়দানত প্ৰবল আন্দোলন গঢ়ি তোলা হ’ব৷ ৰে’ল শ্ৰমিক সংগঠনটোৰ কাৰ্যনিৰ্বাহক সভাৰ বিষয়ে কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক পুলক গগৈয়ে জনোৱা মতে এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সভাপতি দিলীপ চক্ৰৱৰ্তীয়ে সভাপতিত্ব কৰা সভাত ইষ্টাৰ্ণ ৰেলৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক অমিত কুমাৰ ঘোষ আৰু উপ-সভাপতি গুৰুপ্ৰসাদ দাস, অল ইণ্ডিয়া ৰেলৱেমেনছ্ ফেডাৰেচনৰ মাণ্ডলিক সম্পাদক পীয়ূষ চক্ৰৱৰ্তী, এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদক সমীৰ চক্ৰৱৰ্তী, কাটিহাৰ ডিভিজনৰ মাণ্ডলিক প্ৰৱন্ধক কৰ্ণেল এছ কে চৌধুৰীয়েও মুকলি সভাত ভাষণ প্ৰদান কৰে ৷ মুকলি সভাত ৰে’ল শ্ৰমিকসকলৰ প্ৰিয় নেতা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আশীষ বিশ্বাসে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন বাহাল কৰাৰ দাবীত ১০ আগষ্টত দেশৰ ৰাজধানী দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচীত এন এফ ৰে’লৱেৰ শ্ৰমিক সকলেও দলেবলে যোগদান কৰিব বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে আজিৰ পৰা পশ্চিম বংগৰ শিলিগুৰিত বাণীমন্দিৰ ইণ্ডৰ ষ্টেডিয়াম প্ৰাঙ্গনত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এন এফ ৰেলৱে মজদুৰ ইউনিয়নৰ তিনিদিনীয়া কাৰ্যনিৰ্বাহক সভা৷ কাৰ্যসূচী অনুসৰি পুৱা ইউনিয়নৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি দিলীপ চক্ৰৱৰ্তীয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.