পুৱাই মৰাণ-টিংখাঙত ছুইজাৰলেণ্ড সদৃশ পৰিস্থিতি

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ ডিচেম্বৰঃ প্ৰাচ্যৰ ছুইজাৰলেণ্ড সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰি আজি পুৱা হোৱা শিলাবৃষ্টিত মৰাণ আৰু টিংখাং ৰাজহ চক্ৰত জনগণৰ ব্যাপক ক্ষতিসাধন হয়। একাংশৰ বাসগৃহৰ লগতে শাক পাচলি আৰু সৰিয়হ খেতিত বৰফৰ শুভ্ৰ আচ্ছাদনৰে ঢাকি ধৰাত বিস্তৰ ক্ষতি হয়। মূলতঃ শাক পাচলিৰ খেতি কৰা কৃষকসকল ব্যাপক লোকচানৰ সন্মুখীন হয়। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াক ক্ষতিৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰে ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্ৰীয়ে টুইটযোগে আশ্বাস প্ৰদান কৰে।

মন্তব্য দিয়ক

Your email address will not be published.