পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঈগল “হাৰ্পি ঈগল”
হাৰ্পি ঈগল হৈছে বিশ্বৰ অন্যতম ডাঙৰ চিকাৰী চৰাই। ইয়াৰ উচ্চতা প্ৰায় ৩ ফুট ৫ ইঞ্চি লগতে ইয়াৰ পাখিৰ বিস্তাৰ ৭ ফুট ৪ ইঞ্চি লৈকে হয়। মাইকী হাৰ্পি ঈগলৰ ওজন ১৩ ৰ পৰা ২০ পাউণ্ডলৈ হয় আনহাতে পুৰুষ হাৰ্পি ঈগলৰ ওজন প্ৰায় ৯ ৰ পৰা ১৩ পাউণ্ডৰ ভিতৰত থাকে। উল্লেখযোগ্য যে মাইকী হাৰ্পি ঈগলবোৰ সদায় পুৰুষ হাৰ্পি ঈগলৰ অধিক শক্তিশালী।শ্লথ আৰু বান্দৰ হাৰ্পি ঈগলৰ প্ৰিয় খাদ্য সেয়ে চিকাৰৰ বাবে ইহঁতৰ নখবোৰ ভালুকৰ নখতকৈও ডাঙৰ। হাৰ্পি ঈগলে শৰীৰ শক্তি সংৰক্ষণ বহুগুণে সংৰক্ষণ কৰি ৰাখিব পাৰে, সেয়ে ইহঁতে ১৭ পাউণ্ড ওজনৰ জন্তু এটাও সহজে কঢ়িয়াই নিব পাৰে। হাৰ্পি ঈগলবোৰ হৈছে নীৰৱ চিকাৰী, যিয়ে বেছি শব্দ নকৰে, ঘন্টাৰ পিছত ঘন্টা ধৰি এটা ঠাইত বহি চিকাৰৰ বাবে অপেক্ষা কৰে। এইবিধ ঈগলৰ প্ৰতি ঘণ্টাত ৫০ মাইল গতিৰে উৰিব পৰা ক্ষমতা আছে। ইয়াৰ উপৰিও ওপৰৰ পৰা সহজে তললৈ গৈ চিকাৰক ফান্দত পেলাব পাৰে। মেক্সিকোৰ পৰা ব্ৰাজিল আৰু উত্তৰ আজেণ্টিনালৈ থকা ক্ৰান্তীয় নিম্নভূমি বৰ্ষাৰণ্যৰ উচ্চ অঞ্চলবোৰত পোৱা এই চৰাইবিধ বৰ্তমান সংকটাপন্ন প্ৰজাতিত অন্তৰ্ভুক্ত হৈছে।