প্ৰকৃতিৰে একাত্ম হবলৈ আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন

নতুন প্ৰজন্মৰ বাবে পু এন ফ' ৱাইল্ডৰ পদক্ষেপ

0 95

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ জুলাইঃ নতুন প্ৰজন্মৰ অত্যধিক মোবাইল প্ৰীতিৰ কথা আজি প্ৰতিজন অভিভাৱকৰ মুখে মুখে। কিন্তু এই মোবাইল প্ৰীতিৰ পৰা নিজ সন্তানক আঁতৰাই ৰাখিবলৈ অভিভাৱকসকলৰ ওচৰত বিকল্প উপায় কি? পৰিৱেশক ওচৰৰ পৰা অনুধাৱন কৰিবলৈ হ’লে পৰিৱেশৰ মাজত নিজেই থাকি সম‌য় অতিবাহিত কৰিব লাগিব। বৰ্তমান সময়ত ইন্টাৰনেট,মোবাইল, লেপটপ আদিত অধিক সময় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকল গভীৰভাৱে পৰিৱেশৰ সৈতে একাত্ম হব পৰা নাই। ফলত প্ৰাকৃতিক পৰিৱেশ সন্দৰ্ভত বৰ্তমান সময়ৰ ছাত্র-ছাত্ৰীসকল প্ৰকৃত জ্ঞান লাভৰ পৰা বঞ্চিত হৈছে। সেয়েহে পৰিৱেশ বিষয়ক কথাবোৰ ছাত্র-ছাত্ৰীসকলক ওচৰৰ পৰা অনুভৱ কৰাবলৈ আৰু পৰিৱেশৰ সৈতে একাত্ম কৰিব পৰাকৈ এটা সুদৃঢ় পৰিৱেশ গঢ় দিয়াৰ বাবে বিগত বৰ্ষবোৰৰ দৰে এই বছৰো পিয়’ৰ এনভাইৰনমেণ্ট ফ’ৰ ৱাইল্ড লাইফ চমুকৈ পু এন ফু’ৱাইল্ডে আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন কৰিছে। বিগত বৰ্ষবোৰৰ দৰে এই বছৰো অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা, মেগামিক্স প্ৰকৃতি সংঘ আৰু অসম বিজ্ঞান সমিতি, মহিলা কোষ ঢকুৱাখনা শাখাৰ সহযোগত অহা ৪ জুলাইৰ পৰা ৭ জুলাইলৈ ঢকুৱাখনাত এক আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত অসমৰ বিভিন্ন ঠাইৰ আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থাকি মত বিনিময় কৰিব। য’ত ছাত্র-ছাত্ৰীসকলক পৰিৱেশ সজাগতা, ট্ৰেকিংৰ আদি পাঠ, বিশ্বাস অন্ধবিশ্বাস আৰু নতুন বাটেৰে জীৱনমুখী এক যাত্ৰা (মহিলা আৰু বিজ্ঞান), বন্যপ্ৰাণী উদ্ধাৰ আৰু চিকিৎসা, পক্ষী নিৰীক্ষণ, যাদু আৰু বিজ্ঞান,নদী আৰু মানুহ, পৰ্বত-পাহাৰ আৰু আমাৰ স্বাস্থ্য, বিহুগীতত পৰিৱেশ আৰু বিজ্ঞান, লোক সংস্কৃতিৰ সুৰীয়া গোন্ধ, জৰুৰীকালীন সময়ত ল’বলগা সাৱধানতা আৰু তাৎক্ষণিক চিকিৎসা, পৰিৱেশৰ প্ৰতি কৃতজ্ঞতা, পৰিৱেশ তন্ত্ৰৰ অধ্যয়নকে ধৰি বহু ক্ষেত্ৰৰ জ্ঞান প্ৰদান কৰা হব। নতুন প্ৰজন্মক পৰিৱেশৰ সৈতে যদি জীৱনটো উদযাপন কৰিবলৈ দিব বিচাৰে নতুবা ধুনীয়া পৃথিৱীখনৰ সৈতে চিনাকি কৰাই দিব বিচাৰে তেন্তে আপুনি আবাসিক প্ৰকৃতি শিবিৰলৈ নিজ সন্তানক পঠিয়াব পাৰে। যোগাযোগৰ ফোন নং – ৬০০০৫৭৩৩৪৫ আৰু ৮৮১২০৯৭৭১৬।

মন্তব্য দিয়ক

Your email address will not be published.