‘প্ৰকৃতি ৰক্ষাৰ বাবে নতুন প্ৰজন্মই পুৰণা প্ৰজন্মক সচেতন কৰিব লাগিব৷ অজস্ৰ পৰম্পৰাই পুৰণা প্ৰজন্মক প্ৰকৃতি উপভোক্তা কৰি তুলিছিল, নতুনসকলে তাৰ অৱসান বিচাৰিছে’ – বিমল দেৱনাথ, প্ৰকৃতি সংৰক্ষক তথা বন সেৱাৰ বিষয়া, কলকাতা
সামাজিক অন্ধসংস্কাৰ মষিমূৰ কৰি আমাৰ অৰণ্য বচাবই লাগিব৷’ – বিপুল দেউৰী, সাহিত্য অকাদেমি অনুবাদ বঁটাপ্ৰাপক সাহিত্যিক
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,৮ ডিচেম্বৰঃ নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত আজি ‘প্ৰকৃতি সাহিত্য আৰু প্ৰকৃতি সংৰক্ষণ’ শীৰ্ষক এখনি কৰ্মশালা সম্পন্ন হৈ যায়৷ লখিমপুৰ জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত এই কৰ্মশালাখন আয়োজন কৰে তৃতীয় সংখ্যক দুলুং-সোৱণশিৰি প্ৰকৃতি মহোৎসৱৰ অভ্যৰ্থনা সমিতিয়ে৷ সহযোগিতা কৰে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগ আৰু নেচাৰ্চ বেকনে৷ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে অসমীয়া বিভাগৰ মুৰব্বী ডঃ অৰবিন্দ ৰাজখোৱাই৷ সঞ্চালনা কৰে পঞ্জীয়ক ডঃ বিমান চন্দ্ৰ চেতিয়াই৷ আদৰণি ভাষণ প্ৰদান কৰে নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী অনিল পায়েঙে সমল ব্যক্তি আৰু অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰে৷ উদ্বোধনী ভাষণ প্ৰদান কৰি নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ডঃ মুকুল চন্দ্ৰ বৰাই কয় যে- এই ধৰণৰ বিদ্যায়তনিক কাৰ্যসূচীয়ে দুলুং-সোৱণশিৰি প্ৰকৃতি মহোৎসৱৰ গুৰুত্ব যথেষ্ট বৃদ্ধি কৰিব৷ সৌম্যদ্বীপ দত্তই সঞ্চালনা কৰা কাৰিকৰী সত্ৰত সমল ব্যক্তি হিচাপে ডঃ অৰবিন্দ ৰাজখোৱাই প্ৰকৃতি সাহিত্যৰ বৈশিষ্ট্যসমূহ স্পষ্টকৈ বুজাই দিয়ে৷ তেওঁ লগতে এই সাহিত্য ৰচনাৰ কৌশলসমূহ অংশগ্ৰহণকাৰীসকলক বুজাই দিয়ে৷ প্ৰকৃতি সাহিত্য যে আন সাহিত্যতকৈ বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হৈ উঠিছে সেয়া তেওঁ উদাহৰণেৰে সৈতে ব্যাখ্যা কৰে৷ সমল ব্যক্তি পশ্চিমবংগৰ তথা বনসেৱা বিষয়া বিমল দেৱনাথে ব্যক্তিগত অভিজ্ঞতাৰ পৰা বন সংৰক্ষণৰ বিভিন্ন প্ৰয়োজনীয়তা আৰু সাধাৰণ মানুহে তাত আগবঢ়াব পৰা অৰিহণাৰ বিষয়ে কয়৷ তেওঁ পশ্চিমবংগত লাভ কৰা অভিজ্ঞতাৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলক কিছু কৌশল শিকায়৷
আন এগৰাকী সমল ব্যক্তি বিপুল দেউৰীয়ে সামাজিক বিশ্বাস তথা পৰম্পৰা সংশোধনত প্ৰকৃতি সাহিত্যৰ ভূমিকাৰ কথা কয়৷ লগতে তেওঁ এনে সাহিত্যই সৃষ্টি কৰা সামাজিক জাগৰণৰ ইতিহাস ব্য়ক্ত কৰে৷ প্ৰত্যেকগৰাকী সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু আলোচনাত মিলিত হয়৷ কৰ্মশালাখনত প্ৰকৃতি সংৰক্ষক তথা সাংবাদিক মজিন সোণোৱাল, অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰ দলে আদিয়েও বক্তব্য আগবঢ়ায়৷ কৰ্মশালাখনত নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়, লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়,বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়,তাৰিয়নী বৰবিল হাইস্কুল,বগীনদী নগৰ উচ্চ মাধ্যমিক বিদ্যালয় আদি শিক্ষানুষ্ঠানৰ পৰা প্ৰতিনিধিয়ে অংশ লয় বুলি বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বীয়ে জনাইছে