প্ৰথম বৰ্ষতে এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ কৃতিত্ব

তিনিজনৰ স্থান লাভ

0 110

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৩ জানুৱাৰীঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডত নতুন সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ পিছত চলিত বৰ্ষৰ ১০ জানুৱাৰীত এম বি বি এছৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ শ্ৰীমন্ত শঙ্কৰদেৱ ইউনিভাছিটি অফ হেলথ চাইন্স এ ঘোষণা কৰা ফলাফলত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰা তিনি শিক্ষাৰ্থীয়ে অসমৰ ১০ টা স্থানৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয় ৷ মুঠ ১০০ জন শিক্ষাৰ্থীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ইয়াৰে ৯৮ জনেই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে ৷ একেদৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়খনৰ পৰা প্ৰথম বৰ্ষৰ এম বি বি এছ চূড়ান্ত পৰীক্ষাত অসমৰ ১০ টা স্থানৰ ভিতৰত মিৰ্জা মেহবুূব আজমিৰে সপ্তম স্থান, নীলকমল অধিকাৰীয়ে অষ্টম স্থান আৰু চয়না দাসে নৱম স্থান দখল কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তদুপৰি ৰাজ্যৰ মুঠ ১২শ ৩ জন শিক্ষাৰ্থীৰ ভিতৰত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৪১ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষৰ ১০০ টা স্থানৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ মহাবিদ্যালয়খনৰ এনে সাফল্য তথা শিক্ষাৰ্থীসকলৰ কৃতিত্বই লখিমপুৰবাসীক গৌৰৱাম্বিত কৰি তুলিছে৷

মন্তব্য দিয়ক

Your email address will not be published.