প্ৰধান মন্ত্ৰীয়ে অনা কুৰিটা চিতাবাঘৰ নৱমটোৰ আজি মৃত্যু ঘটিল

0 32

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ আনি মধ্যপ্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানত মেলি দিয়া কুৰিটা চিতাবাঘৰ ভিতৰৰে আজি পুৱা নৱমটো চিতা বাঘৰ আকস্মিক মৃত্যু ঘটিল।উল্লেখ্য যে ২০২২ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই ঢাক-ঢোল কোবাই প্ৰধানমন্ত্ৰী গৰাকীয়ে স্বয়ং নিজেই আঠটা চিতাবাঘ এই উদ্যানখনত মুকলি কৰিছিল। কিন্তু, এবছৰ নৌহওঁতেই এতিয়া ৯ টাকৈ চিতাবাঘৰ অস্বাভাৱিক মৃত্যু ঘটিল। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও বাতৰিটো এৰাই চলিছে। বাকী থকা ১১ টা চিতা বাঘৰ স্বাস্থ্য সন্দৰ্ভতো ৰাষ্ট্ৰীয় উদ্যানখনে বিশেষ একো কথা সদৰী কৰা নাই।

মন্তব্য দিয়ক

Your email address will not be published.