প্ৰফেচনেল বক্সিংত কৰিব প্ৰৱেশ অভিজিত বৰুৱাই

0 27

শতাব্দ প্ৰতিনিধি,যোৰহাট, ২১ এপ্ৰিল: এক মিনিটত ৩৮৭টা পাঞ্চ মাৰি বক্সিংত বিশ্ব ৰেকৰ্ড গঢ়া অসম সন্তান তথা যোৰহাটৰ জনপ্ৰিয় ক্ৰীড়া প্ৰতিভা অভিজিত বৰুৱাই প্ৰফেচনেল বক্সিং খেলত প্ৰবেশ কৰিব। বিশ্ব বক্সিং কাউঞ্চিল (World Boxing Council) আৰু এচিয়ান বক্সিং কাউঞ্চিল (Asian Boxing Council)ৰ তত্বাৱধানত ২৩এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া “ৰয়েল স্প’টচ প্ৰমোচনে” আয়োজন কৰা “প্ৰফেচনেল বক্সিং” খেলত অসমৰ তথা যোৰহাটৰ খেলুৱৈ অভিজিত বৰুৱাই দিল্লীৰ খেলুৱৈ শিৱমৰ বিৰুদ্ধে অৱৰ্ত্তীণ হ’ব । বিশ্বমানৰ বক্সিং কোচ্  ময়ুৰ কৃষ্ণন (লুকা)ৰ ওচৰত প্ৰশিক্ষণ লৈ থকা অভিজিত বৰুৱাই উক্ত প্ৰতিযোগিতাখনত জয়ী হৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে বিশ্বত জিলিকি উঠাৰ কামনা কৰিছে যোৰহাটবাসীয়ে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে অভিজিতৰ এই যাত্ৰাৰ বাবে শুভ কামনা জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.