প্ৰশ্নকাকত ফাদিলঃ ধলপুৰত প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীক ৰাজপথতে আৰক্ষীৰ মাৰধৰ

0 0

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১৮ মাৰ্চঃ লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষী চকীত আজি এক অভাৱনীয় কাণ্ডৰ সূচনা হয়৷ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ প্ৰতিবাদ জনাই আজি পুৱাৰ ভাগত ধলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ মেট্ৰিকৰ একাংশ পৰীক্ষাৰ্থীয়ে ধলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ পৰা দুপৰীয়া প্ৰতিবাদী সমদল উলিয়াই নিচেই কাষতে থকা ধলপুৰ চেণ্টাৰত তথা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ জনায়৷ এই প্ৰতিবাদী কাৰ্যসূচী বাধা দিবৰ বাবে উক্ত স্থানত ধলপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজকুমাৰ পেগুৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক ভীতি প্ৰদৰ্শন কৰি মাৰধৰ কৰি তেওঁলোকক আৰক্ষী চকীলৈ লৈ যায়৷ এই ঘটনাত তিনিজনৰো অধিক প্ৰতিবাদকাৰী ছাত্ৰ আহত হয়৷ ইফালে বিয়লি ৩ মান বজাত ধলপুৰ আৰক্ষী চকীত আটকাধীন প্ৰতিবাদী ছাত্ৰ সকলৰ খবৰ লবলৈ গৈছিল বিদ্যালয়খনৰ একাংশ ছাত্ৰী৷ ইয়াতে খৰ্গহস্ত হৈ আৰক্ষী বিষয়াগৰাকীয়ে আটাইকেইগৰাকী ছাত্ৰীক বহুবাৰ কাণত ধৰাই আঁঠু কঢ়াই উঠা-বহা কৰাই শাস্তি প্ৰদান কৰে৷ এই শাস্তিৰ পিছতে থানাৰ ভিতৰতে ঢলি পৰে এগৰাকী ছাত্ৰী৷ ইয়াকে লৈ কান্দোনৰ ৰোল উঠে আৰক্ষী চকীৰ চৌহদত৷ পৰৱৰ্তী সময়ত ছাত্ৰীকেইগৰাকীৰ পৰিয়ালৰ সহযোগত আৰক্ষীয়ে ধলপুৰ চিকিৎসালয়ত ভৰ্তি কৰে অচেতন ছাত্ৰীগৰাকীক৷ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকী সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে৷ এই ঘটনাই সমগ্ৰ ধলপুৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.