‘প্ৰসাদ’ত পৰশুৰাম কুণ্ড 

0 292
শতাব্দ বিশেষ প্ৰতিনিধি, ১৯ এপ্ৰিলঃ অৰুণাচল প্ৰদেশৰ লোহিত জিলাত অৱস্থিত পৰশুৰাম কুণ্ডক ভাৰতবৰ্ষৰ ভিতৰতে এখন প্ৰধান তীৰ্থস্থান হিচাপে গঢ়ি তোলা হ’ব। অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইনে সোমবাৰে এই কথা ঘোষণা কৰিছে। লোহিত জিলাৰ সদৰ তেজুৰ পৰা কুৰি কিলোমিটাৰ উত্তৰে লোহিত নদীৰ মাজত থকা পৰশুৰাম কুণ্ড হিন্দু ধৰ্মী লোকসকলৰ বাবে এখন অতি পৱিত্ৰ তীৰ্থস্থান হিচাপে প্ৰসিদ্ধি লাভ কৰি আহিছে। গুৰুত্বপূৰ্ণ তীৰ্থস্থান সমূহৰ আন্ত:গাঁথনি উন্নত কৰাৰ উদ্দেশ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ‘প্ৰসাদ’ আঁচনিৰ ৩৭.৮৭ কোটি টকা ব্যয়ৰে অৰুণাচলৰ এইখন পৌৰাণিক তীৰ্থস্থানক এখন উল্লেখযোগ্য ধৰ্মীয় পৰ্যটন স্থল হিচাপে গঢ়ি তোলা হ’ব। উপ মুখ্যমন্ত্ৰী গৰাকীয়ে এই সম্পৰ্কীয় কাম-কাজৰ অগ্ৰগতি আলোচনা কৰি সোমবাৰে কয় যে, আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত নদীৰ কাষত ৰেষ্টুৰেণ্ট, ভিউ পইণ্ট নিৰ্মাণ, অতিথিশালা স্থাপন ইত্যাদিৰ কাম আৰম্ভ কৰা হ’ব।
মন্তব্য দিয়ক

Your email address will not be published.