প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন

0 0

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১১ আগষ্ট :সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা লগ্নৰ কাণ্ডাৰী, অসম গণ পৰিষদ দলৰ জন্ম লগ্নৰে জ্যেষ্ঠ নেতা, পাঁচটাকৈ কাৰ্যকালৰ তেজপুৰ সমষ্টিৰ বিধায়ক, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰ আজি বিয়লি সম্পন্ন হৈ যায় গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত।উল্লেখ্য যে, কিছুদিন ধৰি হৃদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ থকা জাতীয়তাবাদী নেতা গৰাকী গুৱাহাটীৰ হেল্থ চিটি হাস্পতালৰ চিকিৎসক ডাঃ ভৱানন্দ দাসৰ জৰিয়তে চিকিৎসা গ্ৰহণ কৰি থকাৰ পিছত এক অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱাত কালি দিনৰ ১-৩০ বজাত উক্ত চিকিৎলয়ত চিকিৎসাধীন হোৱাৰ পিছত আজি দুপৰীয়াৰ পৰা ৬ ঘন্টা জোৰা অস্ত্ৰোপচাৰৰ পিছত সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন হয় বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা যায়। উল্লেখ্য ২৫ বছৰ কাল অৰ্থাৎ আঢ়ৈ দশকতকৈও অধিক সময় তেজপুৰৰ ৰাইজৰ প্ৰতিনিধি হিচাপে জাতীয়তাবাদী শিবিৰৰ পৰা বিধায়ক আৰু এটা কাৰ্যকাল সফলতাৰে শিক্ষা মন্ত্ৰীৰ দায়িত্ব চম্ভালা জনপ্ৰিয় ৰাজনৈতিক নেতা গৰাকী অসুস্থ হৈ পৰাৰ সংবাদ লাভ কৰাৰ পিছত বিভিন্ন প্ৰান্তৰ শুভাকাংক্ষী সকলে সামাজিক মাধ্যমত আশু আৰোগ্য কামনা কৰাৰ লগতে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা গৃহতো আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনোৱাৰ সংবাদৰ পিছত আজিৰ দিনটোলৈ গভীৰ উৎকন্ঠাৰে অপেক্ষা কৰিছিল গুণগ্ৰাহী সকলে। প্ৰায় চাৰিকুৰি বছৰত ভৰি দিয়াৰ উপক্ৰম হোৱা আজিও অতি সপ্ৰতিভ জাতীয়তাবাদী নেতা গৰাকী বৰ্তমান সময়লৈকে যিকোনো সামাজিক – সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত অতি সক্ৰিয় হৈ আছিল। চিকিৎসালয়ত কালিৰে পৰা অসংখ্য শুভাকাংক্ষীয়ে ভীৰ কৰাৰ লগতে আজি পুৱাৰ ভাগত তেজপুৰৰ বৰ্তমানৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই চিকিৎসালয়ত উপস্থিতি হৈ আৰোগ্য কামনা কৰে।উল্লেখ্য যে, বিয়লি ৫ বজাত অস্ত্ৰোপচাৰ কক্ষৰ পৰা মুক্ত হোৱা জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীক সম্প্ৰতি উক্ত চিকিৎসালয়ৰে ভেন্টিলেছন কক্ষত চিকিৎসাধীন অৱস্থাত ৰখাৰ ব্যৱস্থা কৰিছে যদিও চিকিৎসকে বিপদ মুক্ত বুলি জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.