পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা

0 39

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ জুনঃ  সাহিত্যৰ অকাডেমিয়ে অসমীয়া ভাষাৰ বাবে পৰী হিলৈদাৰীলৈ ২০২১ বৰ্ষৰ অনুবাদ বঁটা আগবঢ়াইছে। অৰুণাচলৰ প্ৰসিদ্ধ লেখিকা মামং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensam গ্ৰন্থখনিৰ অসমীয়া অনুবাদ “দাঁতি পাৰৰ মানুহ”ৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে। অকাডেমিয়ে আন ২১ টা ভাষাৰ অনুবাদ বঁটা প্ৰাপকৰ নামো আজি ঘোষণা কৰে।আনহাতে জয়ন্তী গগৈৰ অসমীয়া উপন্যাস ”হিড়িম্বা” উপন্যাসখনি একে নামেৰে বড়ো ভাষালৈ কৰা অনুবাদৰ বাবে ইন্দিৰা বড়োলৈ বড়ো ভাষাৰ অনুবাদ বঁটা প্ৰদান কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.