পৰ্যটনৰ বিপুল সম্ভাৱনা কঢ়িয়াইছে তেজপুৰৰ ধেনুখন্দা পাহাৰৰ প্ৰস্তৰত খোদিত গণেশ মূৰ্তিয়ে

উপায়ুক্তৰ স্থান পৰিদৰ্শন

0 41

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৪ ফেব্ৰুৱাৰী : সংস্কৃতিৰ লগতে পৰ্যটকৰ আকৰ্ষণস্থলী ঐতিহাসিক তেজপুৰৰ বহুতো স্হানত পৰ্যটনৰ সম্ভাৱনা বিদ্যমান যদিও উপযুক্ত ব্যৱস্থাৰ অভাৱতে এই স্থলী অৱহেলিত ভাবে পৰি ৰৈছে৷ এনে এক স্থান তেজপুৰ চহৰৰ নাতি দূৰৈত পৰ্বতীয়াৰ দেৱী সিং ঘাটৰ পৌৰাণিক যুগতে স্থাপন হোৱা শিলত খোদিত গণেশ মন্দিৰ । যি ঠাইত এতিয়াও গণেশৰ পদ ধূলা পৰে আৰু গণেশে আহি মন্দিৰৰ টিলিঙা বজায় । স্থানীয় ৰাইজৰ মতে তেওঁলোকে বহু যুগ ধৰি এই মন্দিৰত পূজা অৰ্চনা কৰি আহিছে।প্ৰনিধানযোগ্য যে, ধেনুখন্দা পাহাৰত থকা তথা এক প্ৰকাণ্ড প্ৰস্তৰত খোদিত এক গণেশ মূৰ্ত্তি কেতিয়াৰ সেয়া এই পৰ্যন্ত ঠাৱৰ হোৱা নাই৷ বন্য হস্তীয়েও বিভিন্ন সময়ত আশ্ৰয় লোৱা এই পাহাৰৰ এই স্হানত স্হানীয় লোকে এক মন্দিৰৰ ৰূপ দি ইয়াত পূজা অৰ্চনা কৰি আহিছে৷ বিভিন্ন জনশ্ৰুতি প্ৰচলিত এই গণেশ মন্দিৰ দৰ্শন কৰিবলৈকে বন্যহস্তীৰ ইয়ালৈ আগমন ঘটা তথা মন্দিৰৰ টিলিঙা হাতীয়ে বজাই যোৱা বুলি প্ৰচলিত জনবিশ্বাসৰ বিপৰীতে মন্দিৰৰ আশে পাশে বন্যহস্তীৰ দাং বৰ্তমানেও পৰি ৰৈছে।বছৰি বনৰীয়া হাতী বনাঞ্চলৰ পৰা ওলাই আহি দিনত এই পাহাৰত আশ্ৰয় লোৱাৰ পাছত নিশা কাষৰীয়া অঞ্চলত প্ৰৱেশ কৰে খাদ্যৰ সন্ধানত৷ বৰ্তমানেও দুৰ্গম পথ আৰু চাৰিও দিশে হাবি জংঘলৰে আবৰা তথা পাহাৰৰ শিখৰত স্হাপিত এই গণেশ মন্দিৰৰ চৌপাশে আছে প্ৰকাণ্ড শিলাখণ্ড৷ এখন বৃহত পকী বেৰৰ দৰে থকা প্ৰকাণ্ড শিলত খোদিত গণেশৰ মূৰ্তিক লৈয়েই পৰৱৰ্তী সময়ত এক মন্দিৰ স্হাপন কৰা হয় যদিও আজিলৈকে ইয়ালৈ যাতায়াতৰ সুব্যৱস্থা কৰা হোৱা নাই কোনো চৰকাৰী আঁচনিৰ জৰিয়তে৷ পাহাৰৰ মাটি খলপাখলপ কৈ কাটি মন্দিৰলৈ যাব পৰা এক পথ নিৰ্মাণ কৰা হৈছে ৰাইজৰ দ্বাৰা৷ উল্লেখযোগ্য যে,স্হানীয় লোকৰ কেবা পুৰুষৰ পূৰ্বৰে পৰাই ইয়াত পূজা অৰ্চনা চলাৰ লগতে ধেনুখন্দা পাহাৰৰ এই অংশক এই মন্দিৰৰ বাবেই স্হানীয় লোকে লম্বোদৰ পাহাৰ বুলি কয়৷ পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব থকা এই মন্দিৰলৈ আজি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰৱী শইকীয়া কৰণ আৰু তেজপুৰ জিলা সংগ্ৰহালয়ৰ বিষয়া অভিলাস ৰাজখোৱা আহি এই ঠাই সমূহ পৰিদৰ্শন কৰাৰ পাছতে এই স্হানে পৰ্যটন তথা পুৰাতাত্বিক ক্ষেত্ৰত এক গুৰুত্ব লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে স্হানীয় ৰাইজে৷ উল্লেখযোগ্য যে, মুঠ ১২৫ বিঘা ভূমিৰ আগুৰা এই পাহাৰখণ্ডক পৰ্যটন স্হলী হিচাপে গঢ়ি তোলাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে তেওঁলোকে৷ এই পাহাৰতে এক সুৰংগও আছে৷ ইতিমধ্যেই এই সুৰংগৰ বিষয়ে একাধিক সংবাদ মাধ্যমত সবিশেষ প্ৰকাশ পাইছিল আৰু সেই সময়ত এই সুৰংগ জনচক্ষুৰ আগলৈ অনাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিব বুলি প্ৰশাসনীয় ভাবে চৰ্চিত হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া ফুটুকাৰ ফেনতহে পৰিণত হয়৷ আজি উপায়ুক্ত গৰাকীয়ে সমীপৱৰ্তী আন এক ঐতিহাসিক মন্দিৰ ভৈৰৱপদৰ শিৱ মন্দিৰ পৰিদৰ্শন কৰে আৰু উক্ত ঠাইত মন্দিৰৰ কাষত ভক্তৰ সুবিধাৰ বাবে সৌৰ শক্তিৰ ব্যৱস্থা কৰাৰ বিষয়ে জানিবলৈ দিয়ে।ইপিনে,তেজপুৰস্হ জিলা সংগ্ৰহালয় বিষয়া ৰাজখোৱাই এই গণেশ মন্দিৰৰ শিলত খোদিত মূৰ্তি সমূহ অষ্টম বা দশম শতিকাৰ হব পাৰে বুলি প্ৰকাশ কৰে ৷

মন্তব্য দিয়ক

Your email address will not be published.