- জন সমুদ্ৰত পৰিণত ম’হঘুলি চাপৰি
শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক, ১৪ মে’:ফাটবিহু এতিয়া কেৱল ঢকুৱাখনা ৰাইজৰে উৎসৱ হৈ থকা নাই, ই এতিয়া অসমৰ জাতীয় জীৱনৰ স্পন্দন, মহামিলনৰ উৎসৱত পৰিণত হৈছে। ই অসমৰ লোক-সংস্কৃতিৰ এক প্ৰধান অংগ হৈ পৰিছে। ফাটবিহুৱে অসমবাসীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাইছে। ফাটবিহুৱে বিৱৰ্তনৰ মাজেৰে আনুষ্ঠানিক ৰূপ লৈছে যদিও ই প্ৰাকৃতিক ৰূপ ধৰি ৰাখিবলৈ সক্ষম হৈছে। এই বক্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ আজি অন্তিম দিনা মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয়। তেওঁ লগতে কয় যে নৈপৰীয়া ঐতিহ্যৰ মাজেৰে লোক- সংস্কৃতিয়ে কিদৰে জীৱন্ত ৰূপ লাভ কৰে সেয়া ফাটবিহু নেদেখিলে উপলব্ধি কৰিব নোৱাৰি ।অসমীয়া লোক-সংস্কৃতিৰ স্বৰূপ ফাটবিহুৱে কিদৰে উজ্জীৱিত কৰি আহিছে সেইয়া বৰ্ণনা কৰিব নোৱাৰি, অনুভৱহে কৰিব পাৰি। তেওঁ স্বনামধন্য সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঞিক শ্ৰদ্ধাৰে স্মৰণ কৰে। ফাটবিহুত উপস্থিত হৈ অত্যন্ত গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰে আৰু অহাবাৰ ফাটবিহু তলী নতুন ৰূপত দেখা পাব বুলি কয়। ফাটবিহুত একেলগে ১০ হাজাৰ বিহুপ্ৰেমী বহিব পৰাকৈ এক মুকলি ব্যৱস্থা কৰাৰ লগতে মুকলি বিহুৰ বাবে ৫০ জোপা গছৰ তলত ৫০ টা ওখ ভেঁটি তোলাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰে সহায় কৰিব। ইয়াৰ বাবে ঢকুৱাখনাৰ বিধায়ক নৱ দলেক আঁচনি প্ৰস্তুত কৰিবলৈ কোৱা বুলি তেওঁ ঘোষণা কৰে।একেদৰে ড° শৰ্মাই বাসুদেৱ থানক প্ৰমুখ্যে কৰি হাৰ্হি দেৱালয় আৰু পদুমণি থানকো পৰ্যটনৰ কেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়ে।আনহাতে পূৰ্বে তিনিবাৰকৈ প্ৰতিশ্ৰুতি দি এতিয়ালৈকে প্ৰতিশ্ৰুতি ৰক্ষা নকৰা ঢকুৱাখনা অসামৰিক চিকিৎসালয়খন শীঘ্ৰে সম্পূৰ্ণ কৰিব বুলি তেওঁ ৰাইজক পুনৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ চাৰিকড়ীয়া, সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ আঁচনিৰ অনুমোদনৰ বাবে বিধায়ক নৱ কুমাৰ দলেই অনুৰোধ জনোৱাৰ কথা উল্লেখ কৰি ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। একেদৰে সোৱণশিৰি নদীৰ ঘাগৰত নিৰ্মাণ কৰিব লগা দলংখন সোণকালে সম্পূৰ্ণ হ’ব বুলিও তেওঁ কয়।
পুৱা ১১-২৫ বজাত ফাটবিহুতলীত উপস্থিত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই উত্তৰ-পূব ভাৰতৰ বিখ্যাত বৈষ্ণৱপীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত উপস্থিত হৈ আশিস গ্ৰহণ কৰে ।লক্ষণীয় যে ফাটবিহুৰ মঞ্চত জাতীয় সাজপাৰ অবিহনে উঠিব নিদিয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীৰ দুজনকৈ নিৰাপত্তাৰক্ষীয়ে ধূতি-পাঞ্জাৱী পিন্ধি মঞ্চত উঠা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বে পুৱা ৯-৩০ বজাত মুখ্যমন্ত্ৰীৰ হেলিকেপ্তাৰখনে ঢকুৱাখনাৰ আমকটীয়া মিনি ষ্টেডিয়ামত অৱতৰণ কৰে আৰু গাড়ীৰে ১২ কিলোমিটাৰ দুৰৰ বাসুদেৱ থানত উপস্থিত হয়। মুখ্যমন্ত্ৰী ড° শৰ্মাই ফাটবিহুতলীৰ পৰা লীলাবাৰী বিমানবন্দৰৰ পৰা বিশেষ বিমান যোগে হায়দৰাবাদলৈ ৰাওনা হয়। মুখ্যমন্ত্ৰীৰ আগমন নিদ্ধাৰিত সময়তকৈ আগত হোৱাৰ পৰিপ্ৰেক্ষিতত অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা পুৱা ১০ বজাৰ পৰিৱৰ্তে দুপৰীয়া ১-৩০ বজাতহে আৰম্ভ হয়। শোভাযাত্ৰাটি উদ্বোধন কৰে জনপ্ৰিয় অভিনত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে। ৫০ টাৰো অধিক সাংস্কৃতিক দল আৰু বিভিন্ন প্ৰতীকপটে অংশগ্ৰহণ কৰা প্ৰায় ১কিলোমিটাৰ দৈৰ্ঘ্যৰ বৰ্ণিল শোভাযাত্ৰাটিয়ে ফাটবিহু তলীৰ পৰা ঢকুৱাখনা চাৰিআলি,বালিগাঁও,কচুগাঁও ,ঘাঁহিগাঁও আৰু আমোলাপটি হৈ ৩ কিলোমিটাৰ পথ পৰিক্ৰমাত পথৰ দূয়োকাষে সু-শৃংখলিত ভাৱে সমবেত হাজাৰ হাজাৰ ফাটবিহুপ্ৰেমীক আহ্লাদিত কৰি তোলে। শোভাযাত্ৰাৰ অন্ত পৰাৰ পিছতেই ফাটবিহুৰ মূল আকৰ্ষণ- মুকলি বিহু অনুষ্ঠিত হয়। ফাটবিহুতলীৰ সেউজীয়া শাৰী শাৰী গছৰ তলত বৃহত্তৰ ঢকুৱাখনাৰ বিভিন্ন অঞ্চলৰ পৰা ফাটবিহুলৈ ঢপলিয়াই অহা অৰ্ধ শতাধিক বিহুদলে এই মুকলি বিহুত অংশগ্ৰহণ কৰে । শ শ বিহুৱাৰ ঢোল-তাল, পেঁপা-গগনাৰ ছন্দময় শব্দই ঢকুৱাখনাৰ আকাশ -বতাহ মুখৰ কৰি তোলে । একেদৰে শ শ নাচনীৰ লয়লাস ভংগীমাৰ নাচোনে ফাটবিহু চাবলৈ অহা ত্ৰিশ সহস্ৰাধিক বিহুপ্ৰমীৰ মন প্ৰাণ ভৰাই তোলা পৰিলক্ষিত হয়। এই মুকলি বিহু উদ্বোধন কৰে মিচিং লোক শিল্পী একলব্য গামে। সন্ধিয়া ৫-২৫ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে। মুকলি সভাত নিদিষ্ট বক্তা ৰূপে বক্তব্য ৰাখে ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে । ডাঃ চৌধুৰীয়ে ঢকুৱাখনাৰ ফাটবিহু সৰগৰ ৰহঘৰা বুলি অভিহিত কৰে।আনহাতে আমন্ত্ৰিত অতিথিৰূপে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অনাতাঁৰ শিল্পী চৈয়দ ছাদ্দুলাই বক্তব্য ৰাখে ।দুয়োগৰাকী ব্যক্তিয়ে নিজৰ শৈলীৰ গীত -মাত ,আবৃত্তিৰে সকলোকে মোহিত কৰে।দুয়োগৰাকী বক্তাই ফাটবিহুৰ পৰম্পৰা অনন্ত কাললৈ ধৰি ৰাখিবলৈ আহ্বান জনায় ।
পূৰ্বৱৰ্তী লেখা