ফুটবলৰ মহাৰণত ন’ক আউট আৰম্ভ”

0 109

 গায়ত্ৰী গোস্বামী অধ্যাপক

বিশ্বকাপ ফুটবলৰ উত্তেজনা এতিয়া আহি চূড়ান্ত পৰ্যায় পাইছেহি। এতিয়াৰ পৰা ন’ক আউট পৰ্যায়ত খেলসমূহ আৰম্ভ হ’ব। অৰ্থাৎ এতিয়াৰ পৰা খেলত হৰাৰ মাত্ৰেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ পৰিব। লগতে, কোনো খেল ড্ৰ হ’লে ত্ৰিশ মিনিটৰ অতিৰিক্ত খেল খেলোৱা হ’ব আৰু তাতো ফলাফল পোৱা নগ’লে পেনাল্টী শ্বুট আউটৰ’ দ্বাৰা অন্তিম সিদ্ধান্ত লোৱা হ’ব।

এই পৰ্যায়ৰ প্ৰথম খেল আছে নেডাৰলেণ্ড – ইউএছএৰ মাজত আৰু দ্বিতীয় খেল আছে আৰ্জেণ্টিনা -অষ্ট্ৰেলিয়াৰ মাজত।

পৰিসংখ্যা অনুসৰি নেডাৰলেণ্ড আৰু আৰ্জেণ্টিনাৰ সম্ভাৱনা অধিক আছে যদিও চলিত বিশ্বকাপৰ অঘটনসমূহলৈ লক্ষ্য কৰিলে সম্ভৱানাৰ শেষ নাই যেন লাগে। নেডাৰলেণ্ডে ২০১৪ চনৰ বিশ্বকাপত তৃতীয় স্থানত ৰৈছিল যদিও ২০১৮ চনৰ বিশ্বকাপত কোৱালিফাই কৰাত ব্যৰ্থ হৈছিল, সেইদৰে ইউএছএ ২০০২ চনৰ পৰা কোৱাটাৰ ফাইনেল পাবগৈ পৰা নাই। দুয়োদলে নিজৰ নিজৰ পূৰ্ণ সামৰ্থৰে জপিয়াই পৰিব সেয়া নিশ্চিত।

ইফালে, আৰ্জেণ্টিনা বিশ্বকাপৰ প্ৰৱল দাবীদাৰ যদিও এইবাৰৰ আৰ্জেন্টিনা “মেছিৰ আৰ্জেণ্টিনা” হৈ পৰিছে। পৰাজয়ৰে আৰম্ভণি কৰি আৰ্জেণ্টিনা এতিয়া মেছিময় হৈ পৰিছে । কেপ্তেইন মেছিৰ ভৰিৰ যাদুত মোহিত প্ৰতিজন ফুটবল প্ৰেমীয়ে আশা কৰিব যাতে আৰ্জেণ্টিনা জিকি যাওঁক মাথোন। হাৰিলে মাত্ৰকেই মেছিৰ বিশ্বকাপৰ দৌৰ শেষ হৈ পৰিব। যদিও বিশ্বকাপত আৰ্জেণ্টিনা অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব প্ৰথমবাৰলৈ, অষ্ট্ৰেলিয়াই ইতিমধ্যে ডেনমাৰ্কৰ দৰে শক্তিশালী দলক ধৰাশায়ী কৰি নিজৰ আত্মবিশ্বাস তুংগত ৰাখিছে। সেয়ে শেষ হুইছেলৰ শব্দইহে হৰা জিকাৰ শেষ সিদ্ধান্ত দিব পাৰিব সেয়া ধুৰুপ।

এয়া আচলতে বিশ্বকাপৰ প্ৰকৃত উত্তেজনা, আচল ৰোমান্স, যি সামৰণি পৰিব ১৮ ডিচেম্বৰতহে।

মন্তব্য দিয়ক

Your email address will not be published.