ফ্লাইবিগে বন্ধ কৰিলে লীলাবাৰী-গুৱাহাটী বিমান সেৱাঃ কিয় ?

0 81

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ মে’ : ফ্লাইবিগে যোৱা ১১ মে’ৰ পৰা লীলাবাৰী আৰু গুৱাহাটীৰ মাজৰ পোনপটীয়া বিমান সেৱা স্থগিত ৰাখিছে। আঞ্চলিক বিমান সেৱা সংস্থাটোৰ বিষয়া ৰতন আম্বোৰে এই কথা সদৰী কৰে। ‘উড়ান’ আঁচনিৰ অধীনত লখিমপুৰ সমষ্টিৰ সাংসদে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৪ কোটি টকা ফ্লাইবিগক মোকলাই দিয়া নাই বাবে কোম্পানীটোৱে সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লয়। বিমান সংস্থাটোৰ এই ভাষ্যৰ বিপৰীতে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই কয় যে, ফ্লাইবিগে গুৱাহাটী-লীলাবাৰী উৰণ পথত বিমানৰ নিয়মীয়া সময়সূচী প্ৰদানত ব্যৰ্থ হৈছে; যাৰ বাবে যাত্ৰীসকল অসন্তুষ্ট হৈ পৰিছিল। সময়সূচী নিয়মীয়া নোহোৱাৰ বাবেই সংস্থাটোক উড়ান আঁচনিৰ ধন মোকলাই দিয়া হোৱা নাই বুলি কয় সাংসদজনে। উল্লেখ্য যে ২০২১ চনৰ ৩ নৱেম্বৰত ফ্লাইবিগে লীলাবাৰী-গুৱাহাটী পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিছিল। ইতিপূৰ্বে ২০১৯ চনৰ মাজভাগৰ পৰা গুৱাহাটী আৰু লীলাবাৰীৰ মাজত পোনপটীয়া বিমান চলাচল বন্ধ হৈ আছিল, কাৰণ এয়াৰ ইণ্ডিয়া আৰু স্পাইচজেটে উড়ান আঁচনিৰ অধীনত সেৱাৰ পৰা আঁতৰি আহিছিল। অৱশ্যে এলায়েন্স এয়াৰে এতিয়াও লীলাবাৰী আৰু কলকাতাৰ মাজত পোনপটীয়া বিমান সেৱা অব্যাহত ৰাখিছে।

মন্তব্য দিয়ক

Your email address will not be published.