বজালীত দক্ষতা বিষয়ক কৰ্মশালা

1 33
শতাব্দ প্ৰতিনিধি, ১৩ এপ্ৰিলঃ  দক্ষতা বিকাশ মিছনৰ উদ্যোগত বজালী জিলাৰ সদৰ পাঠশালাত ১২ এপ্ৰিলত “সংকল্প” শীৰ্ষক এখন জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। মূলত: জীৱিকা নিৰ্বাহৰ বিকল্প উৎস সমূহৰ বাবে দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা আৰু চৰকাৰে আগবঢ়োৱা সা-সুবিধাবোৰৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ মানসেৰে এই কৰ্মশালাখন অনুষ্ঠিত কৰা হয়। বজালী জিলাৰ উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মাই উদ্বোধন কৰা কৰ্মশালাখনত অসম ৰাজ্যিক দক্ষতা বিকাশ মিছনৰ ৰাজ্যিক কাৰ্যালয়ৰ বিষয়া ধীৰাজ সিংহ, পিংকু চৌধুৰী আৰু বজালী জিলাৰ সমন্বয়ক বেদাংগ কাশ্যপৰ লগতে বজালী জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্তদ্বয় প্ৰমুখ্যে আন,আন উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক তথা পৰ্যটন বিষয়ৰ শিক্ষক অৰিন্দম তালুকদাৰে কৰ্মশালাখনৰ সমল ব্যক্তিৰূপে উপস্থিত থাকি বৰ্তমান সময়ত জীৱিকা নিৰ্বাহৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে বিভিন্ন দক্ষতা অৰ্জন কৰাৰ গুৰুত্ব আৰু বৰ্তমান সময়ত প্ৰয়োজন হোৱা দক্ষতা সমূহৰ বিষয়ে উদাহৰণ সহ খৰচি মাৰি আলোচনা কৰে। বজালী জিলাৰ উপায়ুক্তই তেওঁৰ মুখ্য অতিথিৰ ভাষণত বিকল্প কৰ্মসংস্থাপন আৰু দক্ষতাৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক বুজাই কয় আৰু বজালী জিলাত এনে এটি কাৰ্যসূচী অনুষ্ঠিত কৰা বাবে অসম দক্ষতা বিকাশ মিছনৰ শলাগ লয়। অনুষ্ঠানৰ আৰম্ভণিতে পাঠশালা বজাৰ কমিটিৰ বিষয়ববীয়া সকলে বজালী জিলাত নকৈ যোগদান উপায়ুক্ত কাবেৰী বৰকাকতি শৰ্মা মহোদয়াৰ লগতে আন আন বিশিষ্ট অতিথিসকলক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
১ টা মন্তব্য
  1. Arindam Talukdar says

    ভাল‌ লাগিল

মন্তব্য দিয়ক

Your email address will not be published.