শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৭ নৱেম্বৰঃ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰটোৱে সাম্প্ৰতিক সময়ত ন ন উৎপাদনেৰে কৃষকৰ কাষ চপা পৰিলক্ষিত হৈছে৷ লখিমপুৰৰ গৰুমূৰীয়াস্থ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ চৌহদত থকা এই কৃষি বিজ্ঞান কেন্দ্ৰটোৱে এতিয়া বিভিন্ন উন্নত জাতৰ কৃষি সামগ্ৰী উৎপাদন আৰম্ভ কৰিেছ ৷ কেন্দ্ৰটোত এতিয়া পদুমনি নামৰ এবিধ উন্নত জাতৰ ধান উৎপাদন কৰাৰ পিছত এই ধানৰ পৰা তৈয়াৰ কৰা সুগন্ধিযুক্ত চিৰাই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ পদুমনি ধানৰ পৰা তৈয়াৰ কৰা চিৰাৰ বিশেষত্ব হৈছে যে এই চিৰাবিধ অতি জুতিলগা আৰু সুগন্ধিযুক্ত ৷ দেখাতো অতি মনোমোহা এই চিৰাৰ জৰিয়তে কৃষকে আত্মনিৰ্ভৰশীল হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰটোত এতিয়া বানপানী সহনশীল ৰঞ্জিত চাব ১, বাহাদুৰ চাব ১ নামৰ দুবিধ উন্নত জাতৰ ধান উৎপাদন কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্ৰটোৰ ফাৰ্ম মেনেজাৰ বিশ্বজিৎ কোঁৱৰে জানিবলৈ দিয়া অনুসৰি এই দুয়োবিধ ধান সজাল ধৰাৰ পিছত যদি বানপানীত ডুব যায় তেনেহলে তেনে ধান ১২-১৫ দিন পৰ্যন্ত পানীৰ তলত থাকিলেও মৰি নাযায়৷ একেদৰে টিটিবি ৪০৪ নামৰ শ্ৰাৱনী নামৰ ধানৰ উৎপাদন কৰি কৃষকক সকাহ দিবলৈ সক্ষম হৈছে ৷ এই উন্নত জাতৰ ধানবিধ কৃষকসকলে নৱেম্বৰ মাহৰ ১৫-২০ তাৰিখেই চপাব পাৰে আৰু তেনে পথাৰত কৃষকে পুনৰ অন্য খেতি কৰিব পাৰে৷ অৰ্থাৎ এই খেতি কৰা স্থানত মাহ-সৰিয়হ আদিৰ দৰে দুতৰপীয়া খেতি কৰিব পাৰে৷ একেদৰে পদুমনি নামৰ উন্নত জাতৰ ধান বিধৰ পৰা কৃষকসকলে উন্নতমানৰ চিৰা প্ৰস্তুত কৰিব পাৰে বুলি জানিবলৈ দি কেন্দ্ৰটোৱে পদুমণি ধান উৎপাদনত গুৰুত্ব দিয়া বুলি ব্যক্ত কৰে৷ একেদৰে এতিয়া এই কেন্দ্ৰটোত নেমুৰ ভিতৰত গুটি নথকা নেমু পুলি উৎপাদন কৰি কৃষকক যোগান ধৰা হৈছে বুলিও কোঁৱৰে সদৰি কৰে৷ একেদৰে কেন্দ্ৰটোত এতিয়া ড্ৰেগন ফলৰ পুলি উৎপাদন কৰাৰ লগতে পনীয়ৰ ১ নামৰ উন্নত জাতৰ জালুক পুলিও উৎপাদন কৰি কৃষকক যোগান ধৰিছে৷ এইদৰে জি-৯ নামৰ এবিধ উন্নত মানৰ কলপুলি উৎপাদন কৰিছে আৰু এনে পুলিৰ পৰা কৃষকসকল অধিক লাভবান হ’ব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ তেনেদৰে কেন্দ্ৰটোত এতিয়া ৮ বিধ উন্নত জাতৰ ঘাঁহ উৎপাদন কৰি তেনে ঘাঁহৰ পুলি বিক্ৰীৰ ব্যৱস্থা কৰিছে৷ বিশেষকৈ হাইব্ৰিড নেপিয়াৰ, চেতেৰিয়া, কংগু চিগনেল, পাৰা আদি জাতৰ ঘাঁহ পুলি কেন্দ্ৰটোত উপলব্ধ বুলিও তেওঁ কয়৷ তদুপৰি এতিয়া এই কেন্দ্ৰটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত এইচ ডি কে ৭৫ নামৰ এবিধ উন্নত জাতৰ গাহৰি ৰখা হৈছে আৰু এই গাহৰিৰ পৰা পোৱালি উৎপাদনৰ বাবে গাহৰি পালকসকলে কেন্দ্ৰটোৰ সহায় গ্ৰহণ কৰি আহিছে৷ সম্প্ৰতি সচ উৎপাদনৰ বাবে কেন্দ্ৰটোত ৰখা এটা পূৰ্ণবয়স্ক গাহৰিৰ ওজন হৈছে প্ৰায় ১.৫০ কুইণ্টল৷ একেদৰে কুকুৰা উৎপাদনৰ ক্ষেত্ৰত কামৰূপা নামৰ উন্নত জাতৰ কুকুৰা কেন্দ্ৰটোত উপলব্ধ আৰু এই কেন্দ্ৰটোৰ পৰা কামৰূপা কুকুৰাৰ এটা কণী সচৰ বাবে ১৫ টকাকৈ বিক্ৰী কৰি থকা হৈছে৷ তেনেদৰে কেন্দ্ৰটোৱে এতিয়া টি এচ ৩৬ আৰু টি এচ ৬৭ নামৰ উন্নত জাতৰ সৰিয়হৰ বীজো ৰখা হৈছে৷ এই সৰিয়হৰ বীজৰ প্ৰধান বৈশিষ্ট্য হৈছে সৰিয়হ কৃষকসকলে ডিচেম্বৰ মাহৰ ১০ তাৰিখ পৰ্যন্ত সিচিলেও ইয়াৰ উৎপাদন কোনো গুণে কম নহয়৷ কেন্দ্ৰটোৱে এনেদৰে এতিয়া ন ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ মূলতঃ লখিমপুৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য কৃষি বিজ্ঞানী ড॰ প্ৰশান্ত কুমাৰ পাঠকৰ লগতে সকলো বিষয়া কৰ্মচাৰী তৎপৰতাত আৰু একাগ্ৰতাত এতিয়া কেন্দ্ৰটোৱে প্ৰাণ পাই উঠিছে ৷