বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জৰ বৃক্ষৰোপণ অব্যাহত

0 12

গুৱাহাটী, ১১ মেঃ  পূব কামৰূপ বন বিভাগৰ অধীনত গুৱাহাটী ৰেঞ্জৰ দ্বাৰা গ্ৰহণ কৰা বৃক্ষৰোপণ অভিযানৰ আজি চতুৰ্থ দিনটোত নাৰেংগী বন বীটৰ অধীনত নাৰেংগী চৰকাৰী উচ্চ বিদ্যালয়ৰ চৌহদত স্থানীয় প্ৰজাতিৰ ৫০টা পুলি ৰোপণ কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দাস কাৰ্জী লগতে সন্দীপ কুমাৰ, IFS, Additional Pricipal Chief Conservator Of Forests, Lower Assam Zone, ৰোহিণী বল্লভ শইকীয়া, IFS, DFO, পূব কামৰূপ বন বিভাগ, প্ৰাঞ্জল বৰুৱা, AFS, RO, আৰু বিট অফিচাৰ অসীম দাস লগতে প্ৰাণজিত ডেকা, Deputy Ranger, আৰু বন বিভাগৰ বিদ্যুৎ দাস, জিন্টু তালুকদাৰ, নিৰ্মল ডেকা, হিমাংশু তালুকদাৰ উপস্থিত থাকে। আজিৰ সভাখন ভূপেন হাজৰিকাৰ “অসম আমাৰ ৰূপহী” কোৰাছ গীতটিৰে আৰম্ভ কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু উপ-সভাপতি তথা পশু পালন বিষয়া ড° দুলাজিৎ পাঠকেও ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিছিল। বিদ্যালয় কৰ্তৃপক্ষই আজি ৰোপণ কৰা গছবোৰ ৰোপণ আৰু সুৰক্ষাৰ বাবে ৩ জন শিক্ষাৰ্থীক দায়িত্ব দিছে আৰু তেওঁলোকে নাৰেংগী বীটৰ স্থানীয় বন কৰ্মচাৰীৰ নিৰ্দেশনাত পুলিবোৰৰ চোৱাচিতা কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.