শতাব্দ প্ৰতিনিধি,বাক্সা ,১৭ মেঃ পুষ্টিহীনতাত আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা শিশুসকলক লৈ বাক্সাৰ বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এক স্বাস্থ্য শিবিৰ । বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত স্নেহস্পৰ্শ প্ৰকল্পৰ লগত সংগতি ৰাখি সোমবাৰে বৰমা মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই শিবিৰ । অত্যাধিক আৰু মধ্যমীয়া পুষ্টিহীনতাত ভোগা পাঁচ বছৰৰ শিশুসকলৰ স্বাস্থ্য শিবিৰ তথা সজাগতা সভাত অসমৰ মুখ্যসচিব জীষ্ণু বৰুৱা উপস্থিত থাকি শিশুসকলৰ ওজন নিৰূপনৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে । পুষ্টিহীনতাত ভোগা শিশুৰ পৰিসংখ্যা হ্ৰাস কৰি এখন সুষ্ট সমাজ গঢ়াৰ ক্ষেত্ৰত বিভাগটোক গুৰুত্ব প্ৰদান কৰাৰো নিৰ্দেশ প্ৰদান কৰে মুখ্য সচিব জিষ্ণু বৰুৱাই । ইয়াৰ বাহিৰেও গৰ্ভৱতী মহিলাসকলক সেউজীয়া আৰু সুষম আহাৰ গ্ৰহণ কৰি নিজকে ৰক্তহীনতাৰ পৰা দূৰত ৰখাৰ কাৰণে মহিলা সমাজকো আহ্বান জনায় মুখ্য সচিব গৰাকীয়ে । অনুষ্ঠানত বাক্সা জিলাৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, বাক্সা জিলা উপায়ুক্ত আয়ুস গাৰ্গ, অতিৰিক্ত উপায়ুক্ত ড০ আশ্ৰাফুল আমিন, বন্তি তালুকদাৰ, জিলা সমাজকল্যান বিষয়া সীমান্ত প্ৰদীপ চৌধুৰী সমন্বিতে বিভাগৰ সকলো বিষয়া কৰ্মচাৰী উপস্থিত থাকে। উল্লেখ্য যে এই অনুষ্ঠানৰ জৰিয়তে অত্যাধিক পুষ্টিহীনতাত ভোগা শিশুৰ বাবে সুষম আহাৰৰ টোপোলা বিতৰণ কৰে জিলা সমাজকল্যান বিভাগে।