শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৬ জুন : তিনিচুকীয়াৰ ৱিমেনজ্ কলেজে পূৰ্বৰ দৰে এইবাৰো উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে ৷ আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি ৱিমেনজ্ কলেজৰ ছাত্ৰী স্মৃতি ঠাকুৰে বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰি তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে৷ তিনিচুকীয়াৰ বালুগাডা অঞ্চলৰ ৰাজেশ ঠাকুৰ আৰু কিৰণ ঠাকুৰৰ কন্যা স্মৃতি ঠাকুৰে চহৰখনৰ মাকুম পথৰ ভাৰতীয় খাদ্য নিগমৰ (এফ চি আই) গুদামৰ কাষৰীয়া ককাক, আইতাক ক্ৰমে ৰামআজ্ঞা শৰ্মা আৰু অনিতা দেৱী শৰ্মাৰ ঘৰত থাকি পঢ়াশুনা কৰিছিল ৷ ভবিষ্যতে এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট (চি এ) হোৱাৰ সপোন পুহি ৰখা স্মৃতিয়ে আজি ঘোষিত ফলাফল অনুসৰি ইংৰাজীত ৯৩, ঐচ্ছিক ইংৰাজীত ৯৫, ফাইনেঞ্চত ৯৪, বিজনেছ ষ্টাডিজত ৮৯, অৰ্থনীতিত ৯৩ আৰু একাউণ্টেঞ্চিত ৮৭ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ চতুৰ্থ ঐচ্ছিক বিষয়ত লাভ কৰা নম্বৰ বাদ দি তেওঁ মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৬৪ নম্বৰ লাভ কৰি ৯২.৮ শতাংশ নম্বৰেৰে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বাণিজ্য শাখাত ৰাজ্যৰ ভিতৰত সপ্তম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ৷ নিজৰ কৃতিত্বৰ বাবে স্মৃতিয়ে ককাক-আইতাক, পিতৃ-মাতৃ আৰু মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদান কৃতজ্ঞতাৰে সোঁৱৰে ৷ আজি ফলাফল প্ৰকাশ পোৱাৰ পাছত ৱিমেনজ্ কলেজত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ ককাক-আইতাক আৰু পিতৃ-মাতৃৰ সৈতে স্মৃতি মহাবিদ্যালয়ত উপস্থিত হোৱাৰ পাছত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ৰাজীৱ বৰদলৈৰ লগতে অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এক সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় ৷ সম্বৰ্ধনা সভাৰ পাছত আজিৰ প্ৰচণ্ড গৰমকো নেওচি স্মৃতিক লৈ মহাবিদ্যালয়ৰ পৰা এক বিশাল শোভাযাত্ৰা বাহিৰ কৰা হয় ৷ ধৈৰ্য, নিষ্ঠা আৰু বিশ্বাসেৰে একাণপতীয়াকৈ লাগি থাকিলে সফলতা লাভ কৰাটো সকলোৰে বাবে সম্ভৱ বুলি মেধাৱী ছাত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰে ৷