বাপুভেটিত সংস্কাৰ ভাৰতীৰ নাটকৰ কৰ্মশালা

0 30

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৮ জুলাইঃ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সাংস্কৃতিক আৰু ক্ৰীড়া সংঘৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা তেজপুৰীয়া কালচাৰেল এণ্ড চচিয়েল ৱৰ্কচৰ সহযোগত শোণিতপুৰ জিলাৰ বিহগুৰিৰ বাপুভেটি নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাঙ্গনত যোৱা ১৭ জুলাইৰ পৰা দহ দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। ১৭ জুলাইৰ পুৱা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান অনুস্থিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পৰিচালক তথা ভাৰত চৰকাৰৰ ফিল্ম চেঞ্চৰ বর্ডৰ সদস্য দয়াল কৃষ্ণ নাথ, নিউজ লাইভৰ সাংবাদিক তথা নাট পৰিচালক পুলক কুমাৰ ডেকা, নাট্যকৰ্মী বিহাৰৰ বেগুচৰাইৰ মনোজ কুমাৰ,শোণিতপুৰ জিলাৰ সাংস্কৃতিক বিষয়া জীতেন কুমাৰ দাস, লোক সংস্কৃতিৰ শিল্পী হিমান্তি দেৱী কৰ,বোলছবি বঁটা প্ৰাপক অভিনেতা জিতু কলিতা। কৰ্মশালাৰ ফিটা কাটি মুকলি কৰে পুলক কুমাৰ ডেকাই লগতে নাৰিকল ভাঙি শুভ মহুৰত কৰে জিতু কলিতাই । এই অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে বাপুভেটি গাঁৱৰ যুৱতী মধুস্মিতা বড়াই আৰু তেজপুৰ কালচাৰেল এণ্ড চচিয়েল ৱৰ্কচৰ অধ্যক্ষ হিমান্তি দেৱী কৰৰ তত্বাবধানত বিহু নৃত্য প্ৰদৰ্শন কৰে। কৰ্মশালাটোত অঞ্চলটোৰ প্ৰায় ৪০ জনকৈ শিশু আৰু কিশোৰে অংশগ্ৰহণ কৰে।কৰ্মশালাখনৰ সমন্বয়ক উৎপল দাস।

মন্তব্য দিয়ক

Your email address will not be published.