বালিপৰাত আঘাতপ্ৰাপ্ত বন্যহস্তীৰ মৃত্যুঃ আন এটা আহত হাতীৰ আৰ্তনাদ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২০ছেপ্টেম্বৰঃ বিগত ২৪দিনে আহত অৱস্হাত শোণিতপুৰৰ চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত ৰিংখাংপুৰত পৰি থকা বনৰীয়া হাতীটোৰ আজি মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,হাতীটো অঞ্চলটোৰ এটা খাৱৈত ইমানদিনে যন্ত্ৰণাত চটফটাই পৰি আছিল৷স্হানীয় বন বিভাগৰ লগতে কাজিৰঙাৰ পৰা অহা চিকিৎসকেও আহত হাতীটোৰ চিকিৎসা কৰিছিল যদিও ঠেঙত গুৰুতৰ আঘাত পোৱা হাতীটো থিয় হ’ব পৰা নাছিল৷ শৰীৰৰ পিছ অংশ ডাঙিব নোৱৰা হাতীটো খাৱৈটোৰ পানী যুঁৱলীতে যোৱা ২৪দিন পৰি থকাৰ বিপৰীতে স্হানীয় ৰাইজে হাতীটোক খাদ্য যোগান ধৰি আহিছিল যদিও ক্ৰমান্বয়ে হাতীটোৰ অৱস্থাৰ অৱনতি ঘটে আৰু আজি তেনেদৰেই হাতীটোৰ মৃত্যু ঘটে৷উল্লেখযোগ্য যে,এই হাতীটোৰে আন এটা হাতীৰে যুঁজ লগাৰ ফলত হাতীটো আঘাতপ্ৰাপ্ত হৈ খাৱৈত এনেদৰে পৰি আছিল বুলি প্ৰকাশ কৰিছে বনবিভাগে৷ স্হানীয় একাংশ লোকেও একে মন্তব্যই প্ৰকাশ কৰিছে৷ আজি পুৱা মৃত্যু হোৱা হাতীটোৰ মৰনোত্তৰ পৰীক্ষাৰ পাছত হাতীটোৰ মৃতদেহ পোতাৰ ব্যৱস্থা কৰে বনবিভাগে৷ ইপিনে বালিপৰাৰ ফুলবাৰীত আন এটা বনৰীয়া হাতী আহত হৈ সম্প্ৰতি মৃত্যুৰে যুঁজি আছে৷ আহত দঁতাল হাতীটোৰ আৰ্তনাদে ব্যথিত কৰিছে ৰাইজক।চাহবাগিচা খনৰ এটা হোলাত বোকাৰ মাজত আৱদ্ধ তথা আঘাতপ্ৰাপ্ত হৈ পৰি আছে দঁতাল বনৰীয়া হাতীটো। হাতীটোৱে উঠিবলৈ বাৰে বাৰে চেষ্টা কৰিছে যদিও উঠিব পৰা নায়৷ উল্লেখযোগ্য যে, ফুলবাৰী চাহ বাগিচাৰ ১৩ নম্বক লাইনত বনৰীয়া হাতীৰ মাজত হোৱা যুদ্ধৰ পৰিণতিত এইটো হাতীও আঘাতপ্ৰাপ্ত হৈ বোকাত পৰি থকা বুলি বন বিভাগে আশংকা প্ৰকাশ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.