বিজ্ঞানসন্মত-ব্যৱসায়িক ছাগলী পালনৰ আৱাসিক প্ৰশিক্ষণ

গৌৰীসাগৰত ৩০ এপ্ৰিল আৰু ১ মে

0 226

২৭ তাৰিখে প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন ।
প্ৰশিক্ষকঃ ডা° প্ৰাঞ্জল বৰা (জ্যেষ্ঠ বিজ্ঞানী; বৰ্নিহাট ছাগলী গৱেষণা কেন্দ্ৰ)
ডা° ডেভিদ বৰদলৈ (পশু চিকিৎসা বিষয়া তথা মথুৰা ৰাষ্ট্ৰীয় ছাগলী গৱেষণা কেন্দ্ৰৰ অনুমোদিত পশুধন পৰামৰ্শদাতা)
চৈয়দ তনবীৰ হকঃ ২০২০/২১বৰ্ষৰ অসম চৰকাৰৰ বৰ্ষ শ্ৰেষ্ঠ ছাগলী পালক।
*আসনৰ সংখ্যা ৩০ জন।
*প্ৰথম যোগাযোগ প্ৰথম সুযোগ ।
*প্ৰশিক্ষণৰ বিষয়ঃ ছাগলী জাত নিৰ্বাচন, জাতৰ গুণাগুণ, কৃত্ৰিম প্ৰজনন, বিজ্ঞান সন্মত খাদ্য, কেঁচুসাৰ,বাসস্থান নিৰ্মাণ, প্ৰতিপালন,খাদ্য উৎপাদন, জৈৱ সুৰক্ষা, বেমাৰ, প্ৰকল্প প্ৰস্তুত, আন্তঃ আৰু বহিঃ পৰজীৱী প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ, বেংক ঋণ আদি।
*ব্যৱহাৰিক প্ৰশিক্ষণঃ খুৰা কটা, ভেকচিন, খাচি কৰা, দৰৱ খুওৱাৰ কৌশল, ঘাঁহ খেতি আৰু ঘাঁহৰ গুণাগুণ বিশ্লেষণ।
*সকলো প্ৰশিক্ষাৰ্থীকে ছাগলী প্ৰসংগ পুথি, ছাগলীৰ বিভিন্ন খাদ্যৰ/ঘাঁহৰ সঁচ, এজলাৰ লগতে বেংকঋণত সহায় হোৱা প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব । *আনুষাংগিক খৰচৰ লগতে থকা খোৱাৰ বাবদ প্ৰশিক্ষাৰ্থীসকলে ২৫০০ টকাকৈ জমা দিব লাগিব ।
*পালক সকলৰ সুবিধাৰ বাবে সকলো ভেকচিন উপলব্ধ হ’ব (PPR/ ET / FMD/ Goat pox ইত্যাদি),ভেকচিন গান, First Aid Box আদি পালকসকলে প্ৰয়োজনীয় খিনি কিনি নিব পাৰিব । লগত থাকিব মিনাৰেল আৰু কেলচিয়াম ব্লক।

তথ্যঃসভাপতি *IGDA*

মন্তব্য দিয়ক

Your email address will not be published.