বিদ্যালয় কেনেকৈ পৰিচালনা কৰিব লাগেঃ প্ৰশিক্ষণ

0 280

উত্তৰ লখিমপুৰ, ৪মেঃ   ধেমাজি জিলাৰ মুৰ্কংচেলেক শিক্ষাখণ্ডৰ টাদুনীয়া মণ্ডল সমলকেন্দ্ৰৰ অন্তৰ্গত দোলাকাষৰীয়া প্ৰাথমিক বিদ্যালয়ত যোৱা ২৭ ,২৮ এপ্ৰিল আৰু ৩মে তাৰিখে তিনিদিনীয়া অনা আবাসিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য-সদস্যাৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। প্ৰথমদিনা বন্তি প্ৰজ্জ্বলনৰে কাৰ্যসূচীৰ আৰম্ভণি হয়।তাৰপাছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমবেত সংগীতেৰে কাৰ্যসূচী আগবাঢ়ে।মণ্ডল সমন্বয়ক খুৰচিদা আলমে পৰিচালনা সমিতিৰ প্ৰশিক্ষণ সম্পৰ্কে উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে প্ৰশিক্ষণৰ সমলব্যক্তিদ্বয়ক সকলোৰে আগত চিনাকি কৰি দিয়ে। লখিমপুৰৰ আজাদস্থিত ডায়েট প্ৰবক্তা ইন্দ্ৰজিত গামে পৰিচালনা সমিতিৰ দায়িত্ব,কৰ্তব্য, অধিকাৰ, ক্ষমতা আদি বিভিন্ন দিশৰ বিষয়ে বক্তব্য দাঙি ধৰে।দ্বিতীয় দিনা সমল ব্যক্তিদ্বয়ৰ লগতে অতিথি ৰূপে অহা পশ্চিম চিমেন চাপৰি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তোলন ফুকনৰ উপস্থিতি আৰু সুন্দৰ উপস্থাপনে প্ৰশিক্ষণ কাৰ্যসূচীৰ গাম্ভীৰ্য বৃদ্ধি কৰে। ৩মে অৰ্থাৎ অন্তিম দিনৰ কাৰ্যসূচীত সকলো দিশ সামৰি পৰিচালনা সমিতিৰ সংকল্প আৰু জাতীয় সংগীত পৰিবেশনেৰে সমল ব্যক্তিদ্বয় হেমেন্দ্ৰ নাথ বৰুৱা আৰু মাধুৰ্য বৰা লগতে সমন্বয়ক খুৰচিদা আলমে গুণোৎসব সম্পৰ্কে জৰুৰী বাৰ্তাৰে প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সমাপ্তি ঘটে। লগতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰতিখন বিদ্যালয়ৰ পৰিচালনা সমিতিক একোখন প্ৰমাণপত্ৰ প্ৰদান কৰে আৰু সকলো প্ৰশিক্ষাৰ্থীক সংকল্প -যাত্ৰা নামে প্ৰশিক্ষণ পুথি প্ৰদান কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.